ডিজিটেল সংবাদ, মেৰাপানী : এইবাৰ মেৰাপানীত সংঘটিত হৈছে জঘন্য কাণ্ড ! শিক্ষকতা দৰে পবিত্ৰ বৃত্তিক কালিমা সানি নিজে শিক্ষাদান দিয়া কণ কণ ছাত্ৰীক এটা লম্পট শিক্ষকে যৌন উৎপীড়ন চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে মেৰাপানী অঞ্চলত।
মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী সৰুপানী অঞ্চলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকে এগৰাকী সহকাৰী শিক্ষকৰ বিৰুদ্ধে উৎত্থাপন কৰিছে যৌন উৎপীড়নৰ জঘন্য অভিযোগ। যোৱা ৩০ অক্টোবৰত প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে দুপৰীয়া মধ্যাহ্ন ভোজনৰ পাছত বিদ্যালয়ৰ কামত বেংকলৈ বুলি যোৱা সময়তে বিদ্যালয়খন আনগৰাকী সহকাৰী শিক্ষক বিজয় কান্দুলানাই সংঘটিত কৰে জঘন্য কাণ্ড।
শিক্ষকৰূপী লম্পটটোৰ এনে নিৰ্লজ্য কাণ্ডৰ পাছতে ছাত্ৰী কেইগৰাকীয়ে বিদ্যালয়লৈ যাবলৈ অমান্তি হোৱাত অভিভাৱকে ঘটনাৰ সন্দৰ্ভত সোধা-পোচা কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে সোমবাৰে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ অভিভাৱক মিলিত হৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰে।
অভিভাৱকসকলৰ পৰা এনে গুৰুতৰ অভিযোগ লাভ কৰা পাছতেই প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ সমন্বয়ক তাৎক্ষণিকভাৱে অৱগত কৰে। প্ৰথম অৱস্থাত অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সন্মূখত অভিযুক্ত শিক্ষক বিজয় কান্দুলানাই বিষয়টো অস্বীকাৰ কৰিছিল যদিও ছাত্ৰী কেইগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি কোৱাত অৱশেষত ভুল হোৱা বুলি কৈ ক্ষতিপূৰণ দিয়াৰ কথা ব্যক্ত কৰে।
একাংশ ৰাইজে শিক্ষকজনৰ এনে কাণ্ডত ক্ষোভিত হৈ শাৰিৰীকভাৱেও অপদষ্ট কৰাৰ চেষ্টা চলায়। ইফালে আৰক্ষী আৰু সাংবাদিকৰ পৰা বিষয়টো গাপ দিয়াৰ চেষ্টা চলাই বিদ্যালয়তে বিষয়টো পুনৰ আলোচনাৰ বাবে সময় দি অভিযুক্ত শিক্ষক বিজয় কান্দুলানাই ঘৰমোৱা হয়।
বৰ্তমানলৈকে ভুক্তভোগী ছাত্ৰী কেইগৰাকীৰ পৰিয়ালয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা নাই যদিও সংবাদ মাধ্যমৰ আগত লম্পট শিক্ষকজনৰ শাস্তিৰ দাবী তুলি মন্তব্য কৰে। আনহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে সহকাৰী শিক্ষকজনৰ বিৰুদ্ধে অভিভাৱকসকলে অভিযোগ দিয়া বুলি স্বীকাৰোক্তি দিছে।