অসম

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিঃ অফলামুখ-নিমাতীৰ মাজত বন্ধ এক ইঞ্জিনযুক্ত ফেৰীৰ চলাচল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধাৰাষাৰ বৰষুণৰ ফলত ক্রমাৎ বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলস্তৰ । বহু ঠাইত বাহনী পানীয়ে মাথাউৰি পৰ্যন্ত ভাঙি পেলাইছে ।

শেহতীয়াকৈ বৃদ্ধি পাইছে ব্রহ্মপুত্রৰো জলস্তৰ । পানী বাঢি যোৱাৰ ফলত অফলামুখ-নিমাতীৰ মাজত বন্ধ কৰা হৈছে এক ইঞ্জিনযুক্ত ফেৰীৰ চলাচল ।

ৰেম্পৰ অসুবিধাৰ বাবে ফেৰী চলাচলত বন্ধ কৰা হৈছে । মাত্র দুখন চৰকাৰী ফেৰীহে চলাচল কৰিছে অফলামুখ-নিমাতীৰ মাজত । জলস্তৰ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।