অসম

থানাৰ পৰা পলায়ন কৰা আচামীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকীঃ বাহনৰ পৰা বেটাৰী চুৰি কৰি ধৰা পৰা এটা চোৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা পলায়ন কৰা এক আশ্চৰ্য্যকৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওতেই এইবাৰ থানাখনৰ আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰৰ লোচ গাঁৱৰ একাংশ পুৰুষ-মহিলাই উত্থাপন কৰিছে এই অভিযোগ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা ইং ১৯ তাৰিখ সোমবাৰে মুক্তাপুৰ লোচ গাঁৱৰ প্ৰয়াত ভদ্ৰেশ্বৰ ডেকাৰ পুত্ৰ জিতু ডেকা (২৭) মুক্তাপুৰৰ চকত বহি থকা অৱস্থাত প্ৰায় বিয়লি ৪-৩০ বজাত একেখন গাঁৱৰ চৰিত্ৰ ডেকা নামৰ লোক এজনে হঠাতে আগচি ধৰি হাতত লৈ থকা চুৰি এখনেৰে জিতু ডেকাক উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে। পূৰ্বৰে পৰা সস্তম হৈ থকা চৰিত্ৰ ডেকাই হঠাতে চুৰিৰে আক্ৰমণ কৰাৰ ফলত জিতু ডেকাৰ শৰিৰৰ বিভিন্ন অংগত কটা গৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিষয়ে অৱগত হৈ পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত জিতু ডেকাক স্থানীয় লোকৰ সহাযোগত প্ৰথমে বিহ দিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লৈ যায় যদিও জিতুক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। জিতু ডেকাৰ পৰিয়ালে ঘটনা সংঘটিত হোৱাৰ নিশা বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰাৰ উপৰি জিতু ডেকাৰ মাতৃ দময়ন্তী ডেকাই চৰিত্ৰ ডেকাৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰে।

কিন্তু বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে চৰিত্ৰ ডেকাক আটক কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ফলশ্ৰুতিত পূৰ্বে বিভিন্ন অভিযোগৰ ভিত্তিত ৰঙা ঘৰৰ আলহি হৈ অহা চৰিত্ৰ ডেকাই মুকলি ভাৱে ঘূৰি ফুৰিব সাহস পোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় লোকে।

বাইহাটা চাৰিআলি আৰক্ষীয়ে অপৰাধীৰ প্ৰতি গ্ৰহণ কৰা ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি জিতু ডেকাৰ পৰিয়ালৰ লগতে একাংশ স্থানীয় পুৰুষ-মহিলাই বাইহাটা চাৰিআলি আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে। উপস্থিত পুৰুষ-মহিলাই থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি চৰিত্ৰ ডেকাক শীঘ্ৰে আটক কৰাৰ দাবী উত্থাপন কৰে। ইমানৰ পিছতো আৰক্ষীয়ে আজিলৈকে চৰিত্ৰ ডেকাক আটক কৰিবলৈ সক্ষম হোৱা নাই।

আনকি যোৱা ইং ১৫ তাৰিখে নিশা বাইহাটা চাৰিআলি থানাৰ পৰা পলায়ন কৰা আচামী এটাক থানা খনৰ আৰক্ষীয়ে বৰ্তমান সময়তো আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে একেখন থানাৰ অন্তৰ্গত বেজেৰা নিবাসী লোক এজনৰ বাহনৰ পৰা বেটাৰী চুৰি কৰি ধৰা পৰাত শিমেলিবাৰী গাঁৱৰ চয়েদুৰ ৰহমান (৩২) নামৰ চোৰটো বেজেৰাৰ স্থানীয় লোকে জব্দ কৰি পিছত চোৰটো বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰি‌ গতাই দিয়ে।

কিন্তু আশ্চৰ্য্যকৰ বিষয় এয়াই যে বেজেৰাৰ স্থানীয় লোকে আৰক্ষীক গতাই দিয়াৰ পিছত যোৱা ইং ১৫ তাৰিখে নিশা প্ৰায় ১০ বজাত চয়েদুৰ ৰহমান নামৰ চোৰটোৱে থানা খনৰ পৰা সুযোগ বুজি পলায়ন কৰে। বাইহাটা চাৰিআলি থানাৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই নিশা থানাৰ ভিতৰৰ পৰা পলায়ন কৰা চোৰটোক আজিলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ যে সৰ্বসাধাৰণ লোকে ধৰি আৰক্ষীক গতাই দিয়া চোৰ পিছত থানাৰ ভিতৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা ঘটনাই বাইহাটা চাৰিআলি আৰক্ষীৰ ফোঁপোলা স্বৰূপটোক পুনৰ বাৰ উদঙাই দিয়া বুলি মত পোষণ কৰিছে সচেতন মহলে।