অসম

ইউপিপিএল দলৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অৱশেষত বহু জল্পনা -কল্পনাৰ অন্তত বুধবাৰে ইউপিপিএল দলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিজ দলৰ প্ৰাৰ্থী ঘোষণা কৰে । কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকাৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰ সমষ্টিৰ বাবে চিদলী-চিৰাং সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ নাম ঘোষণা কৰে ।

উল্লেখ্য যে জয়ন্ত বসুমতাৰী যোৱা বিধানসভা নিৰ্বাচনত ইউপিপিএল দলৰ পৰা ৩১ নং চিদলী সমষ্টিৰ পৰা নিৰ্বাচন খেলি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক হোৱাৰ পূৰ্বে জয়ন্ত বসুমতাৰী এবছুৰ কেন্দ্ৰীয় উপসভাপতি আছিল । বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবছুৰ পৰা পদত্যাগ কৰি নিৰ্বাচন খেলি বিধায়ক হোৱাৰ পিছত এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দলে জয়ন্ত বসুমতাৰীক কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ।

আজি ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্যকাৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে সংবাদমেলযোগে জয়ন্ত বসুমতাৰীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ লগতে দৰং -ওদালগুৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীক সমৰ্থন জনাব বুলি ঘোষণা কৰে । ইপিনে এক বিশেষ সূত্ৰে জানিব পৰা মতে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰাজু কুমাৰ নাৰ্জাৰী টিকটৰ পৰা বঞ্চিত হোৱাত পদত্যাগ বিচাৰি ইউপিপিএল দললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে ৰাজু কুমাৰ নাৰ্জাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে প্ৰবল দাবীদাৰ আছিল। ৰাজু কুমাৰ নাৰ্জাৰীয়ে টিকট লাভ কৰিব বুলি চৰ্চিত হৈ আহিছিল যদিও শেষ মুহুৰ্তত বিধায়ক জয়ন্ত বসুমতাৰীয়ে ইউপিপিএল দলৰ টিকট লাভ কৰে। ৰাজুকুমাৰ নাৰ্জাৰী টিকট লাভৰ পৰা বঞ্চিত হোৱাত ৰাজু কুমাৰ নাৰ্জাৰীৰ সমৰ্থকসকল স্বাভাৱিকতে অসন্তুষ্টি প্ৰকাশ কৰিছে । আনহাতে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীও চিৰাং জিলাৰ আৰু লোকসভাৰ প্ৰাৰ্থীগৰাকীও চিৰাং জিলাৰ হোৱাত সমৰ্থকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি প্ৰাৰ্থী ঘোষণা কৰা সংবাদমেলত বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক(কাৰ্যালয়) মাধৱ ছেত্ৰী আদিকে কৰি দলৰ নেৰ্তৃবৰ্গ উপস্থিত আছিল ।