অসম

পত্নী হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশ আদালতৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ওদালগুৰিঃ ২০১৫ চনত সংঘটিত এক হত্যাকাণ্ডৰ ৰায় প্ৰদান কৰি ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতে লাল মিঞাঁ নামৰ এজন হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। জানিব পৰা মতে, ঘটনাটো সংঘটিত হৈছিল ২০১৫ চনৰ ২৭ জানুৱাৰীত।

ঘটনাৰ বিৱৰণ অনুসৰি জিলাখনৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত নেপালী গাঁৱৰ বাসিন্দা লাল মিঞাঁই পুৱতি নিশা প্ৰায় ৩ বজাত পৰকীয়া প্ৰেমৰ ফলত নিজ পত্নীক ডিঙি চেপি হত্যা কৰে।

ঘটনা সন্দৰ্ভত ওৰাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি, ৩০২ আৰু ৩৪ নম্বৰ ধাৰাৰ অধীনত ১১/১৫ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে।

উক্ত গোচৰটো সন্দৰ্ভত ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতত ৫৩/১৮ নম্বৰত এক গোচৰ ৰুজু হৈ শুনানি অব্যাহত থাকে। আদালতত চলা শুনানিৰ অন্তত আজি ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতে অপৰাধী লাল মিঞাঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।