এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব জুম্মাৰ নামাজৰ বাবে ২ ঘণ্টাৰ বন্ধ... 
অসম

এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব জুম্মাৰ নামাজৰ বাবে ২ ঘণ্টাৰ বন্ধ...

চৈয়দ ছাদুল্লাৰ দিনৰ পৰা চলি আহিছিল এই নিয়ম

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ ৩০ আগষ্ট, শুকুৰবাৰৰ দিনটোত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসম বিধানসভাত প্ৰতি শুকুৰবাৰে দিনৰ ভাগত ইছলাম ধৰ্মীয় বিধায়কসকলৰ জুম্মাৰ নামাজৰ বাবে যি বিৰতিৰ ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থা বিলুপ্ত কৰা হৈছে।

অসম বিধানসভাৰ পৰৱৰ্তী অধিবেশনৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব। উল্লেখ্য যে, চৈয়দ ছাদুল্লাৰ দিনৰে পৰা কাৰ্যকৰী হৈ অহা এই নিয়ম দেশৰ আন কোনো ৰাজ্যতে নাই।

শাসক পক্ষৰ ফালৰ পৰা এই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে যদিও কেইবাজনো ইছলাম ধৰ্মীয় বিধায়কে অৱশ্যে এয়া সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা সিদ্ধান্ত নহয় বুলি কোৱাৰ লগতে এই সিদ্ধান্তক বিজেপিৰ একাংশ বিধায়কৰহে সিদ্ধান্ত আখ্যা দিছে।

ইছলাম ধৰ্মীয় বিধায়কসকলৰ একাংশই মুকলিকৈ এই সিদ্ধান্তক আদৰণি জনোৱাৰ পৰিবৰ্তে দুখ পাইছো বুলিহে উল্লেখ কৰিছে। এই সন্দৰ্ভত কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, অত্যন্ত দুখৰ বিষয় যে স্বাধীনতা পূৰ্বৰে পৰাই ১৯৩৬ চনৰ পৰা এই ব্যৱস্থা চলি আছিল। কিন্তু হঠাৎ কি কাৰণে এই ব্যৱস্থা সলনি কৰিবলগীয়া হ'ল সেয়া আমি বুজি পোৱা নাই। আমি ইয়াক আদৰণি জনোৱা নাই, আমি দুখহে পাইছো।

এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে এয়া বিজেপিৰ একাংশ বিধায়কৰ সিদ্ধান্ত বুলি উল্লেখ কৰি কয়, একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে অসিহিষ্ণু মনোভাৱৰে মুছলামনসকলক তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰিলেই জয়ী হব পাৰো বুলি ভাবি লয়। অধ্যক্ষ মহোদয়ে কৈছে মই অসহায়, মোক সকলো সময়তে হেঁচা প্ৰয়োগ কৰি থাকে। মুছলমানসকলৰ বাবে দৈনিক ৫ 'ৱক্ট'ৰ নামাজ থাকে। কিন্তু সেই ৫ ৱক্টৰ নামাজ কোনোবাই সময়পালে মছজিদলৈ গৈ জামাতত পঢ়িব পাৰে যদি সময় নাপায় নিজে নিজেই নিজৰ মতে পঢ়ি গলেও হয়। কিন্তু জুম্মাৰ নামাজ অকলে ঘৰত গৈ পঢ়িলে নহয়। এই নামাজ মছজিদলৈ গৈ নিৰ্দিষ্ট সময়ত সকলোৱে জামাততে পঢ়িব লাগে। সেয়ে শুকুৰবাৰৰ এই জুম্মাৰ নামাজ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

তেওঁ এই নিয়ম বাহাল ৰখাৰ দাবী কৰি ৰুলছ কমিটিক প্ৰয়োজনত নামাজৰ বাবে বন্ধ থকা ২ ঘণ্টাৰ সময়ক হ্ৰাস কৰি এঘণ্টা কৰি, ১২ বজাৰ ১ বজালৈ কৰাৰো আহ্বান জনাইছে। তেওঁ মুছলমানৰ বাবে থকা নামাজৰ সুবিধাৰ বিষয়ে বিজেপিৰ বিধায়কসকলে আপত্তি কৰি থাকে বুলিও অভিযোগ কৰিছে।

ইফালে বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, নিয়মবোৰ সকলোৰে বাবে সমান হৈ থাকিব লাগে। কাৰোবাৰ বাবে শুকুৰবাৰ, কাৰোবাৰ বাবে বৃহস্পতিবাৰ বন্ধ হৈ থাকিব নালাগে। যিহেতু আমাৰ দেওবাৰ বন্ধৰ দিন হিচাপেই আছে। এই ব্যৱস্থা থাকিলে আমাকো বৃহস্পতিবাৰে, আমাৰ বাইদেউসকলক সোমবাৰে বন্ধ দিয়ক। তেওঁলোকে সোমবাৰে শিৱ মন্দিৰবলৈ যায়, কোনোবা মঙ্গলবাৰে হনুমান মন্দিৰলৈ যায়, কোনোবা শনিবাৰে শনিমহাৰাজক পূজা কৰিবলৈ যায়। এনেকৈ থাকিলে ৱৰ্কিং ডে'ত কোনো নাথাকিব। মই ভাবো সকলোৱে কাম কৰক। আমাৰ কাৰণে কৰ্মই ধৰ্ম। মই যদি বৃহস্পতিবাৰে গৈ নামঘৰত বহি থাকো তেন্তে মোৰ কাম কোনে কৰিব? ঠিক তেনেকৈ মই মঙ্গলবাৰে হনুমান চালিছা পঢ়ি থাকো, সোমবাৰে মই 'সত্যম শিৱম সুন্দৰম' কৈ থাকো তেনে কাম কেনেকৈ হ'ব। যিসকল সন্মানীয় ব্যক্তি আছে তেওঁলোকে ৰাতিপুৱা নামাজ পঢ়ি আহিব, গধূলিৰ নামজো পায়েই।

আনহাতে বিজেপিৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, পূৰ্বতে বিধানসভাত শুকুৰবাৰে নামাজ পঢ়িবৰ বাবে ১২ বজাৰ পৰা ২ বজালৈ বন্ধ দিয়া হৈছিল। সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ৯-৩০ বজাত বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে ৯ বজাৰ পৰা বিধানসভা আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ Rules Of Procedure And Conduct Of Assam Legislative Assembly ৰ ১১ নং নিয়ম সংসশোধন কৰা হৈছে। এতিয়াৰ পৰা শুকুৰবাৰৰ দিনটোত নামাজ পঢ়িবৰ বাবে যি ২ ঘণ্টাৰ বন্ধ দিয়া হৈছিল সেই বন্ধ নাথাকিব। ভাৰত বৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাৰ নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছো। চৈয়দ ছাদুল্লাৰ দিনৰ পৰাই এই নিয়ম কাৰ্যকৰী আছিল। ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আমাৰ সিদ্ধান্তসমূহ প্ৰত্যক ধৰ্মৰ বাবে হ'ব লাগে। তেওঁ সকলোৰে সন্মতিৰে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে সকলোকে ধন্যবাদো জনাইছে।