অসম

ৰঙিয়াত ৪০টাকৈ চুৰি ম'বাইলসহ গ্ৰেপ্তাৰ চোৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে ৩জন ম'বাইল চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ কেইটা হ'ল ৰৌহিন চৌহান,মুকেশ বেলদাৰ আৰু বিজয় মৌহিত।

ঘটনা অনুসৰি ৰঙিয়া ৰে'লৱে ষ্টেচনৰ তেজিনা লজত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত এটা দলে অভিযান চলাই ধৃত চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে হাতে-লোটে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা ৪০ টাকৈ চুৰি ম'বাইল জব্দ কৰে।

চোৰকেইটা বহিঃৰাজ্যৰ পৰা আহি ৰঙিয়াত লজত আত্মগোপন কৰি আছিল । আনহাতে কালি ৰঙিয়া আদালতত হাজিৰ কৰি ধৃত চোৰ কেইটাক জেইল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।