অসম

চিকিৎসকৰ ঘৰত চোৰৰ চাফাই অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথত পুনৰ চোৰৰ চাফাই অভিযান। এইবাৰ চোৰৰ টাৰ্গেট চিকিৎসকৰ ঘৰ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন। জানিব পৰামতে,বিশ্বনাথৰ কল্যাণপুৰত থকা চিকিৎসক দুলাল শৰ্মা গুৱাহাটীলৈ গৈছিল।

শনিবাৰে দুপৰীয়া ঘৰলৈ ঘুৰি অহাৰ পিছতহে পোহৰলৈ আহে সমস্ত ঘটনা। ইতিমধ্যে বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে চোৰৰ সন্ধান উলিয়াবলৈ ব্যৱহাৰ কৰিছে স্নিফাৰ ডগ।