অসম

৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ 'চৰাইদেউ মহোৎসৱ ২০২৪'

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউ : ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ মানসেৰে ২০১৫ চনৰ পৰা মৈদাম প্ৰাংগণত অনুষ্ঠিত কৰি অহা চৰাইদেউ মহোৎসৱ এইবছৰো অনুষ্ঠিত কৰিব লোৱা হৈছে। অহা ৫,৬ আৰু ৭ জানুৱাৰীত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়াকৈ বিস্তৃত, বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

বিগত বৰ্ষদৰে এইবোৰ মহোৎসৱ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠী লোকৰ কৃষ্টি,নৃত্য ,জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ ,বস্ত্ৰ মেলা,গ্ৰন্থ মেলা আৰু কৃষিমেলা অনুষ্ঠিত হ'ব ৷ তিনিদিনীয়া কাৰ্যসূচীত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ৷