অসম

APSC পৰীক্ষাত জিলিকিল সৰভোগৰ তিনিগৰাকী

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগঃ সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলত সৰভোগৰ তিনিগৰাকী সুসন্তানে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । APSC পৰীক্ষাত অসামৰিক সেৱাত ৭৮ তম্ স্থানত উজলিল সৰভোগৰ ছামচুল ইছলাম খানৰ পুত্ৰ আফ্ফান খান।

সৰভোগৰ জামাদাৰবড়ী পামপাৰা মৰহুম মেহেৰ আলীৰ পুত্ৰ সাজাহান আলীয়ে অধীক্ষক হিচাপে আৰু সৰভোগৰ অনুপম তালুকদাৰে সহকাৰী গাণনিক বিষয়া হিচাপে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

বৰনগৰীয়া সুসন্তান তিনিগৰাকী ব্যক্তিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰা বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন বিভাগৰ নেতৃবৰ্গ আৰু সাংবাদিকে সম্ভৰ্ধনা জনাই। তেওঁলোকৰ এই সফলতা ভৱিষ্যত জীৱনৰ উজ্জ্বলতা কামনা কৰে ।