তিনিচুকীয়া

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা; নিহত...

Asomiya Pratidin

ডিজিটেল ডেস্ক : তিনিচুকীয়াৰ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এখন ডাম্পাৰে ছুইফট বাহনখনক পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

নিহত লোক দুজন চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি চিনাক্ত কৰা হৈছে। আনহাতে ঘটনাত অজন্তা বৰুৱা, ৰিপুন সোণোৱাল নামৰ আন দুজন লোক আহত হয়। আহতদ্বয়ক ইতিমধ্যেই হাস্পতাললৈ প্রেৰণ কৰা হৈছে। উল্লেখ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।