তিনিচুকীয়া

মাকুমত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ...

Asomiya Pratidin
  • তিনিচুকীয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

  • মাকুম ৰোডৰ শুকানপুখুৰীত মঙলবাৰে নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

  •  ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সমীপৰ শুকানপুখুৰীস্থিত ৰঞ্জিত পেটেল নামৰ এজন লোকৰ ডেম্পত বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয়।

  • অগ্নিকাণ্ডৰ ফলত ডেম্পটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ডেম্পটোৰ কৰ্মচাৰী এজন কৰ্মচাৰীও জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়।

  • ৰাহুল পেটেল নামৰ ২৮ বছৰীয়া যুৱক এজন শুই থকা অৱস্থাত  জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়।

  • অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্ততলৈ জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত তিনিচুকীয়া সদৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।