তিনিচুকীয়া

কাকপথাৰ বৰডিৰাক দুৰ্ঘটনাৰ ৫ মৃতদেহ চিনাক্ত, অচিনাক্ত অৱস্থাত ২ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্তমানেই চিনাক্ত হোৱা নাই নিশা কাকপথাৰৰ বৰডিৰাক তিনিআলিত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ দুটা মৃতদেহ। ট্রাক আৰু মেজিকৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৭গৰাকীকৈ লোকৰ। ইয়াৰ ৫গৰাকী লোকক বৰ্তমান চিনাক্ত কৰা হৈছে।

চিনাক্ত হোৱা নিহত ৫ লোক ক্ৰমে পবেন মৰাণ (চালক), বিলি বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, জোনালী মৰাণ। এই ৫গৰাকী লোকৰ বিপৰীতে নিহত আন দুগৰাকী এতিয়াও চিনাক্ত হোৱা নাই।

আনহাতে দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত বৰ্তমানেই সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা ঘৰলৈ ঘূৰাৰ পথত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য এই ভয়ংকৰ দুৰ্ঘটনাটোত ১১গৰাকী লোক আহত হয়। ইয়াৰে ৫গৰাকী লোক অৱস্থা সংকটজনক চিকিৎসাধীন হৈ আছে। ইপিনে সুৰামত্ত ট্রাক চালকে মেজিক বাহনখন মহটিয়াই নিয়াৰ অভিযোগ প্ৰতক্ষ্যদৰ্শীৰ।