তিনিচুকীয়া

মাৰ্ঘেৰিটাত পুনৰ অঘটনঃ কয়লা সৰবৰাহ কৰিবলৈ গৈ শ্ৰমিকৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ লিডু টিৰাপ কলিয়ৰীৰ অবৈধ কয়লাখনিত মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ যুৱক জনৰ অকাল মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই পুনৰ লিডুৰ অবৈধ কয়লা খনিত মৃত্যু হৈছে আন এজন অসমীয়া যুৱকৰ । বুধবাৰে নিশা লিডুৰ মুলুং পাহাৰৰ ভূ-গৰ্ভৰ অবৈধ খনিৰ পৰা কয়লা সৰবৰাহ কৰি থাকোতে পাহাৰৰ পৰা বাগৰি পৰি লিডু ইটাখোলাৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন (২৪) মৃত্যুমুখত পৰে।

নয়নৰ পিতৃ-মাতৃয়ে সংবাদমাধ্যমৰ আগত বৃহস্পতিবাৰে অভিযোগ কৰি কয় যে, "কয়লা মাফিয়া ক্ষীতিশ দেবনাথৰ অবৈধ কয়লা খনন কৰিবলৈ গৈ নয়নে মৃত্যুক সাৱতি লয়।" লগতে সমগ্ৰ ঘটনা এটা চক্ৰই কৌশলেৰে গাপ দিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাত্ৰ কিছুমাহৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা শ্ৰমিক নয়নৰ লগত আন এজন শ্ৰমিক আছিল বুলি সূত্ৰত প্ৰকাশ যদিও কয়লা মাফিয়াই নিৰাপদে আতৰাই নি চিকিৎসাৰ ব্যৱস্থা কৰা শ্ৰমিকজন ক'ত আছে জানিব পৰা হোৱা নাই। লিডু আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

অতি পৰিতাপৰ কথা যে, মাত্ৰ সপ্তাহ দিনৰ পূৰ্বে মাৰ্ঘেৰিটালৈ চৰ জমিন অনুসন্ধানৰ বাবে অহা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিষয় ববীয়াসহ দলটোৰ এনে প্ৰকৃতি ধ্বংস যজ্ঞৰ দৃশ্যৰ চকুত নপৰাটো কিন্তু আশ্চৰ্যজনক বুলি সৰ্বত্ৰে চৰ্চা চলিছে। অন্যহাতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যোগে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মৃত নয়ন ফুকনৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৫০লাখ টকা দিবলৈ অসম চৰকাৰক দাবী জনাইছে।

লগতে অনা অসমীয়া ক্ষীতিশ দেৱনাথৰ দৰে কুখ্যাত কয়লা চোৰৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে সংগঠনটোৱে। অন্যহাতে শেহতীয়াকৈ ঘটনাক লৈ লিডু আৰক্ষীৰ ভূমিকা পুতৌ লগা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে অপৰাধীক সুৰক্ষা দিয়াৰো অভিযোগ উঠিছে । এইক্ষেত্ৰত আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা লয় সেইয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।