dangor khabar  
তিনিচুকীয়া

মাকুমত চাঞ্চল্যঃ চিতাৰ পৰা আৰক্ষীয়ে নমাই নিলে মহিলাৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ মাকুমত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।মাকুমত এগৰাকী অবিবাহিত মহিলাৰ মৃত্যু হোৱাত আত্মীয়ই অন্তিম সৎকাৰৰ হেতু মৃতদেহ চিতাত উঠাই অন্তেষ্ট্ৰিক্ৰিয়া সম্পন্ন কৰিবলৈ তৎপৰ হ'ওতেই শ্মশানত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ চিতাৰ পৰা নমাই লৈ যায়। এই ঘটনাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে নিজ ভগ্নীৰ পৰিয়ালৰ সৈতে মাকুম নগৰৰ লোহাৰীপট্ৰিত বসবাস কৰি অহা সুমিতা ভট্ৰাচাৰ্য (৬৫) নামৰ অবিবাহিত মহিলাগৰাকী শুকুৰবাৰে অৰ্থাৎ ১৭ মে' তাৰিখে আকস্মিক মৃত্যু হয়। মৃত্যুক পাছতেই পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহৰ সৎকাৰৰ হেতু মাকুম শ্মশানলৈ নি যাৱতীয় প্ৰস্তুতি চলাই থকাৰ সময়তে স্থানীয় আৰক্ষীৰ এটা দল শ্মশানত উপস্থিত হৈ সুমিতা ভট্টাচাৰ্যৰ মৃত্যুদেহ চিতাৰ পৰা নমাই আনে। আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ে যে শিলচৰত থকা ভাতৃয়ে সুমিতা ভট্টাচাৰ্যৰ মৃত্যু ৰহস্যজনক বুলি আৰক্ষীক অভিযোগ দিয়া বাবে মহিলাগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাব লাগিব।

ইফালে সুমিতাৰ আত্মীয়ই সদৰি কৰা অনুসৰি সুদীৰ্ঘ দিন ধৰি নৰিয়াত পৰি থকা সুমিতাৰ মুঠ চাৰি ভাতৃৰ দুগৰাকী ইতিমধ্যে স্বৰ্গগামী হৈছে আৰু দুই জীৱিত ভাতৃৰ এগৰাকী বৰ্তমান বেংগালুৰু আৰু আনজন ভাতৃ উত্তৰ প্ৰদেশত থাকে। ১৭ মে'ৰ পুৱা সুমিতাৰ ভাগিনিয়েক বিশ্বদীপ ৰায় চৌধুৰীয়ে মাহীয়েকক শুই থকা দেখি তেওঁক চিকিৎসকৰ ওচৰলৈ নিবৰ বাবে পত্নীক নিৰ্দেশ দি নিজৰ কামৰ তাগিদাত ঘৰৰ পৰা ওলাই গৈছিল। পৰৱৰ্তী সময়ত বিশ্বদীপৰ পত্নীয়ে চুবুৰীয়াৰ সৈতে সুমিতা ভট্টাচাৰ্যক মাকুমৰ চিকিৎসক ডা: কে. চি. শৰ্মাৰ চেম্বাৰলৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

বিশ্বদীপে সাংবাদিকক জনোৱা মতে চিকিৎসকৰ চেম্বাৰ পোৱা সময়লৈকে তেওঁৰ মাহীয়েই সুস্থ হৈ আছিল । কিন্তু চিকিৎসক অহাত ৫/৭ মিনিট পলম হোৱা বাবে মাহীয়েকৰ মৃত্যু হয়। ইফালে মাকুম আৰক্ষীয়ে সদৰি কৰা মতে শিলচৰত থকা আত্মীয়ই সুমিতা ভট্ৰাচাৰ্যৰ মৃত্যু সন্দেহজনক আখ্যা দি আৰক্ষীক অভিযোগ দাখিল কৰা বাবে মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । তেনেস্থলত সুমিতা ভট্টাচাৰ্যৰ মৃত্যু সাধাৰণ নে ৰহস্যজনক সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব । আনফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে বিয়লিলৈ মাকুমৰ ৰাজহুৱা শ্মশানত সুমিতা ভট্টাচাৰ্যৰ মৃতদেহৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।