মাৰ্ঘেৰিটাত বান পীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰঃ মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান... 
তিনিচুকীয়া

মাৰ্ঘেৰিটাত বান পীড়িত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰঃ মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসসহ অতিৰিক্ত জিলা আয়ুক্ত(সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা) তিনিচুকীয়া, মাৰ্ঘেৰিটাৰ মহকুমা বিষয়া(অসামৰিক) আৰু মাৰ্ঘেৰিটা চক্ৰ বিষয়াই শুকুৰবাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অধীনত বান সাহায্য শিবিৰসমূহৰ পৰিৰ্দশন কৰে। এই ভ্ৰমণৰ সময়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটা মাকুমকিল্লা পাৱৈমুখ গাঁৱত যোৱা ২ জুলাই তাৰিখে বানশিবিৰত উপযুক্ত চিকিৎসাৰ অভাৱত কৰুণভাৱে মৃত্যু হোৱা বিকি কিষাণৰ পৰিয়ালক চাৰি লাখ টকাৰ এক্স-গ্ৰেটিয়া পেমেণ্ট বিতৰণ কৰে।

বিগত কেইবাদিন ধৰি অত্যাধিক বৰষুণৰ বাবে বুঢ়ীদিহিং আৰু টিৰাপ নদীৰ জলস্থৰ বৃদ্ধি পোৱাৰ ফলত নৈ পৰীয়া তথা নদী কাষৰীয়া অঞ্চলসমূহত ব্যাপক ৰূপত বানপানীৰ দুৰ্যোগ ভোগ কৰিব লগা হয় জনসাধাৰণে। স্থানীয় ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ১৯৯৫ চনৰ পৰা মাৰ্ঘেৰিটাত ইমান ভয়াৱহ বানপানীৰ সন্মুখীন হোৱা নাই যাৰ বাবে স্থানীয় ৰাইজৰ মাজত হঠাৎ জোকাৰণিৰ সৃষ্টি হয়।

সমগ্ৰ মাৰ্ঘেৰিটাত স্থাপন কৰা ৪৭টা বান সাহায্য শিবিৰৰ ভিতৰত ২০টা শিবিৰে বানপীড়িত অঞ্চলৰ প্ৰাপ্তবয়স্ক আৰু নাবালকসকলক সক্ৰিয়ভাৱে আশ্ৰয় প্ৰদান কৰি থকা হৈছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিছে।

এই শিবিৰসমূহত খাদ্য চিকিৎসা সাহায্য, বিশুদ্ধ পানী আদি অত্যাৱশ্যকীয় সামগ্ৰী আদি যাতে সুকলমে লাভ কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। অন্যহাতে ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাও বানপানী আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান পীড়িতৰ পৰিস্থিতি বুজ লৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপৰিও বহু কেইটা স্বেচ্ছা সেৱী সংগঠনে বানপীড়িত লোকসকলৰ মাজলৈ গৈ খাদ্য সামগ্ৰী বিতৰণ অব্যাহত ৰাখিছে । মাৰ্ঘেৰিটা মহকুমাৰ যিকোনো দুৰ্যোগজনিত জৰুৰীকালীন সহায়ৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে প্ৰশাসনে ২৪ ঘন্টাই কাৰ্যক্ষম হৈ থকাকৈ ৯৫৪৯১২২৫৫ আৰু ৭০০২৩৭৭১১০ দূৰভাষ নম্বৰ দুটা মুকলি কৰিছে।