তিনিচুকীয়া

কিশোৰীক যৌন নিৰ্যাতন! নিলম্বন তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্মচাৰী ৱাজিদ হুছেইনক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক নিলম্বন। নজৰত শাখাৰ কৰ্মী ৱাজিদ হুছেইনক চাকৰিৰ পৰা নিলম্বন কৰে বিভাগীয় কৰ্তৃপক্ষই।

শ্ব’কজৰ উত্তৰ নিদিয়াত জিলা আয়ুক্তই নিলম্বন কৰে জিলা আয়ুক্তৰ কৰ্মচাৰীগৰাকীক। এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৱাজিদ হুছেইনৰ বিৰুদ্ধে।

উল্লেখ্য যে, তিনিচুকীয়া আয়ুক্ত কাৰ্যালয়ৰ এইজন কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। নিজৰেই সম্পৰ্কীয় এগৰাকী কিশোৰীৰ ওপৰত বিগত তিনি-চাৰি বছৰ ধৰি শাৰিৰীক, মানসিক তথা যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৱাজিদ হুছেইনৰ বিৰুদ্ধে।

পচকো আইনৰ কেইবাটাও ধাৰাত অভিযুক্ত ৱাজিদ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীজন সম্প্ৰতি পৰিয়াল সহ পলাতক অৱস্থাত আছে ।এই ঘটনাই সমগ্ৰ তিনিচুকীয়াতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লম্পট ৱাজিদৰ অমানৱীয় নিৰ্যাতন সহ্য কৰিব নোৱাৰি ভুক্তভোগী কিশোৰী গৰাকীয়ে ব্লেডেৰে নিজৰ হাত কাটি আত্মহত্যা কৰাৰো চেষ্টা কৰিছিল। যাৰ বাবে ৱাজিদ হুছেইন আৰু তেওঁৰ অবৈধ পত্নীৰ নৃশংস আচৰণৰ সন্দৰ্ভত কিশোৰী গৰাকীয়ে তিনিচুকীয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পচকো আইনৰ অধীনত অধীনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।