তিনিচুকীয়া

এজাক বৰষুণতেই ডুব যায় তিনিচুকীয়া চহৰঃ ক'ত গ'ল উন্নয়নৰ কোটি কোটি টকা

Asomiya Pratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ উজনিৰ অন্যতম জনবহুল চহৰ হিচাপে বিবেচিত তথা ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তিনিচুকীয়া চহৰৰ উন্নয়নৰ বিপৰীতে কোটি কোটি টকা ব্যয় কৰি অহাৰ পাছতো চহৰখনৰ জ্বলন্ত সমস্যাসমূহ আজিও সমস্যা হৈয়ে আছে । চহৰখনৰ ব্যাপক উন্নয়ন সম্ভৱ হৈ উঠা বুলি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে জিলা প্ৰশাসন আৰু পৌৰসভাই আটাহ পাৰি আহিলেও শুকুৰবাৰে দুপৰীয়া অহা এজাক মুষলধাৰ বৰষুণে চহৰখনৰ তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ পুনৰবাৰ উদঙাই দিয়ে ৷

প্ৰায় আধাঘণ্টা সময় ধৰি হোৱা এজাক মুষলধাৰ বৰষুণৰ ফলত একাঁঠু পানীত ডুব যায় সমগ্ৰ তিনিচুকীয়া চহৰ ৷ ১৫ টা ৱাৰ্ডৰ সমষ্টি তিনিচুকীয়া পৌৰসভাৰ প্ৰায় প্ৰতিটো ৱাৰ্ডতে আধাঘণ্টাৰ বৰষুণজাকে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ নলা-নৰ্দমা, বাটপথ সকলো বুৰ যায় পানীৰ তলত ৷ পৌৰ এলেকাৰ কেতবোৰ বিদ্যালয়ত পথৰ কাষৰ নলাৰ প্ৰদূষিত পানী সোমাই পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হয় ৷ চহৰখনৰ মাজমজিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ উদ্ভৱ হয় আৰু দীৰ্ঘসময়ৰ বাবে যানজঁটৰ সৃষ্টি হয় ৷

লক্ষ্যণীয়ভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা নলালৈ পথৰ পানী যোৱাৰ কোনো সুবিধা নথকাত সাধাৰণ এজাক বৰষুণতে তিনিচুকীয়া চহৰত কৃত্ৰিম বানে প্ৰবল ৰূপ ধাৰণ কৰাটো এক নিয়মত পৰিণত হৈছে ৷ এজাক বৰষুণেই উদঙাই দিয়ে যে, তিনিচুকীয়া চহৰৰ উন্নয়নৰ নামত ব্যয় কৰি অহা কোটি কোটি টকা প্ৰকৃততে একাংশ বিভাগীয় বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰৰ ব্যক্তিগত উন্নয়ন সাধনৰ বাদে চহৰখনৰ কোনো উন্নয়ন সাধিবলৈ সক্ষম হোৱা নাই ৷ সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে নলা-নৰ্দমা আৰু বাট-পথ নিৰ্মাণৰ নামত অপচয় কৰি অহা কোটি কোটি টকাৰ চৰকাৰী ধনৰাশিৰে এচামে পকেট গধুৰ কৰাৰ বিপৰীতে সাধাৰণ ৰাইজ কোনোপ্ৰকাৰে উপকৃত হোৱা নাই বুলি চহৰখনত চৰ্চিত হৈছে।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি চিটি ইনফ্ৰা ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) অৰ্থাৎ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ নামত তিনিচুকীয়া চহৰৰ উন্নয়নৰ বাবে আবণ্টন দিয়া ২০০ কোটি টকা ব্যৱহাৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অসম চৰকাৰে ২০১৭-১৮ বিত্তীয় বৰ্ষতে আবণ্টন দিয়া পুঁজিৰ ব্যৱহাৰত ব্যাপক বিসংগতি পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদনত ৷ উল্লেখ্য যে চি আই ডি এফ আঁচনিৰ অধীনত বিভিন্ন শিতানত তিনিচুকীয়া চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি টকা ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা এটাও প্ৰকল্প আজি চাৰি বছৰে সুচাৰুৰূপে সম্পূৰ্ণ নহ’ল ।

কিয় আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ইমান বিলম্ব হৈছে তাৰ উচিত উত্তৰ কাৰো ওচৰত নাই ৷ অভিযোগ অনুসৰি এই পুঁজিৰ অধীনত গ্ৰহণ কৰা প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই যদিও ঠিকাদাৰে ইতিমধ্যে বৃহৎ পৰিমাণৰ পুঁজিৰ বিপৰীতে ব্যৱহাৰিক প্রমাণ-পত্র দাখিল কৰি ধন মোকলাই নিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ অন্যান্য বাট-পথ উন্নয়নৰ বাবে চি আই ডি এফৰ অধীনত ঠিকাদাৰে ইতিমধ্যে ২৩ কোটি ৪৭ লাখ টকা ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণ-পত্ৰ সংশ্লিষ্ট বিভাগক দাখিল কৰিছে ৷ কিন্তু তিনিচুকীয়াৰ বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব ৷ এজাক বৰষুণতে একাঠু পানীত বুৰ যোৱা তিনিচুকীয়া চহৰত প্ৰকৃতাৰ্থত বাট-পথ আৰু নলা-নৰ্দমাৰ উন্নয়ন শূন্য বুলি ক'লেও অত্যুক্তি কোৱা নহ'ব ৷ আন্তঃগাঁথনি উন্নয়ন বাবে চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকা কিদৰে হৰলুকি ঘটিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে৷