আলফা(স্বা) ৰ কেম্পৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কেডাৰৰ... 
তিনিচুকীয়া

আলফা(স্বা) ৰ কেম্পৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কেডাৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শিবিৰৰ পৰা পলায়ন কৰি অহা এগৰাকী কেডাৰে তিনিচুকীয়াৰ ফিল'বাৰীত আত্মসমৰ্পণ কৰিছে।

আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰৰ পৰা কেডাৰে পলায়নৰ চেষ্টা কৰাৰ বাবে মৃত্যুদণ্ড বিহাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এনে ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আলফা (স্বা)ৰ শিবিৰৰ পৰা পলায়ন কৰি আহিবলৈ সক্ষম হোৱা এই কেডাৰজনৰ নাম পলাশ মৰাণ।

পলাশ মৰাণে তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰিছে। তেওঁ ২০১৯ ত সংগঠনটোত যোগদান কৰিছিল।