ডুমডুমাত যুৱক-যুৱতীৰ একেলগে চিপ লৈ আত্মহত্যা... 
তিনিচুকীয়া

ডুমডুমাত যুৱক-যুৱতীৰ একেলগে চিপ লৈ আত্মহত্যা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এজন যুৱক আৰু এগৰাকী যুৱতীয়ে একেলগে একেডাল গছতে চিপ লৈ আত্মহত্যা কৰাৰ এক ঘটনাই ডুমডুমতাত সৃষ্টি কৰিছে চাঞ্চল্যক। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামডাং বাগিচাত সংঘটিত হৈছে এই ঘটনা।

বাগিচাখনৰ নতুন লাইনৰ ১৯ বছৰীয়া শ্যাম প্ৰজা আৰু ২১ বছৰীয়া সংগীতা ভূমিজ নামৰ যুৱতীগৰাকীয়ে একেলগে বাগিচাখনৰ একেডাল গছতে চিপ লৈ আত্মহত্যা কৰিলে। আজি পুৱা দুয়োকে এই অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

ইয়াৰ পিছতে সমগ্ৰ বাগিচাখনৰ লগতে ডুমডুমাত চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু কি কাৰণত দুয়োৱে এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰেম জানিত কাৰণতে দুয়োৱে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।

স্থানীয় আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।