অসম

বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ মঙলবাৰে পুৱাৰ ভাগত তিতাবৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। তিতাবৰ জাতীয় বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই আনি থকা অৱস্থাতে তিতাবৰ খেতি পাম দলঙত এখন বাইকক পথ এৰি দিওঁতেই নিয়ন্ত্ৰন হেৰুৱাই টেম্পোখন দলঙৰ তলত বাগৰি পৰে।

এই দুৰ্ঘটনাত আহত হয় ১২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ ছাত্ৰ-ছাত্ৰীসকলক তিতাবৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে গুৰুত্বৰ ভাৱে আহত এজন ছাত্ৰক যোৰহাট মেডিকেললৈ প্ৰেৰণ কৰা হৈছে ৷

তিতাবৰৰ চেঙেলীচুকৰ পৰা তিতাবৰ জাতীয় বিদ্যালয়লৈ আনিছিল কেইগৰাকী ছাত্ৰ-ছাত্ৰী কেইজনক। আহত ছাত্ৰ- ছাত্ৰী কেইগৰাকীৰ নাম অনুৰাগ শইকীয়া,ভাৰ্গব দত্ত,ৰিয়ান ,প্ৰিয়ংকিতা কোঁৱৰ, আদিশ্ৰী বৰুৱা, প্ৰিন্সি প্ৰিয়া চেতিয়া,প্ৰীতি ৰেখা বৰুৱা বুলি জানিব পৰা গৈছে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ অমৰেন্দ্ৰ চাংমাই বৰুৱাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।