অসম

তিৱা মাথনলাই তখ্ৰাৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, হাওৰাঘাটঃ তিৱা মাথনলাই তখ্ৰা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু চেলাবৰ শাখা সমিতিৰ সহযোগত কাৰ্বি আংলং জিলাৰ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চেলাবৰস্থিত তিৱা সাংস্কৃতিক ভৱনত দেওবাৰে অনুষ্ঠিত হয় “চিগাইছা চিগাইছাজ ৰাৱে ফাৰি” শীৰ্ষক ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলে তিৱা কবিতা পাঠ, তিৱা গীত, নৃত্য পৰিৱেশন কৰে।

অনুষ্ঠানত উপস্থিত থাকে তখ্ৰা কাৰ্বি আংলং জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক জনাৰ্দন পাটৰ মচৰং, তখ্ৰা জিলা সমিতিৰ সাংঠনিক সম্পাদক পুণেশ্বৰ পুমা, তিৱা কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰভাত দাৰফাং, সদৌ তিৱা ছাত্ৰ সন্থা জিলা সমিতিৰ উপদেষ্টা বকুল মচৰং, ডিফু মাণ্ডলিকৰ সভাপতি ৰূপক মচৰং, চৰকাৰী গাঁওবুঢ়া ৰুদ্ৰকান্ত পুমা আৰু গুপ্তকান্ত মচৰং, সমাজ সেৱক নামেশ্বৰ হুকাই, চেলাবৰ ৱাইছং এম ই স্কুলৰ সহ শিক্ষয়িত্ৰী ফুলেশ্বৰী খাখলাৰীৰ লগতে গাঁওৰ বিশিষ্ট ব্যক্তিসকল।

তখ্ৰা কাৰ্বি আংলং জিলা সমিতিয়ে ক্ৰমাগতভাৱে পাহাৰীয়া জিলা দুখনৰ বিভিন্ন বিদ্যালয় আৰু গাঁওসমূহত এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা গাওঁবাসীৰ মাজত সজাগতা সৃষ্টি কৰাৰ এক পৰিকল্পনা হাতত লৈ আছে। নতুন শিক্ষা নীতি ২০২০ ৰ আধাৰত চৰকাৰৰ তিৱা মাধ্যম প্ৰদান বিষয়ৰ লগত সংগতি ৰাখি তখ্ৰা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতি সমূহৰ সহযোগত উক্ত অনুষ্ঠানৰ পৰিকল্পনা হাতত লৈছে বুলি জানিব পৰা গৈছে।