অসম

আজি লাচিত দিৱস

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি লাচিত দিৱস। অসমৰ ইতিহাসৰ বীৰ আৰু সাহসৰ প্ৰতীক লাচিত বৰফুকন। অসম বুৰঞ্জীৰ এক সোণালী,গৌৰৱময় অধ্যায়ৰ মহানায়ক লাচিত বৰফুকন।

আজিৰ এই পবিত্ৰক্ষণত ৰাজ্যজুৰি মহাবীৰক স্মৰণ কৰিব। প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ মামনি ৰয়ছম গোস্বামী পথস্থিত লাচিত সংঘৰ উদ্যোগতো লাচিত দিৱসৰ আয়োজন কৰা হৈছে।

৪০১ সংখ্যক লাচিত দিৱস উপলক্ষ্যে সংঘই চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্য্যসূচীৰে লাচিত দিৱসৰ আয়োজন কৰিছে। আনহাতে ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ'ব লাচিত দিৱস।