অসম

সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰাতঃস্মৰণীয় 'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱাৰ আজি দ্বাদশ মৃত্যু তিথি

Asomiya Pratidin

ডিজিটেল ডেস্ক : তেওঁৰ আশাশুধীয়া প্ৰচেষ্টেতে ১৯৮৯চনত জন্মলাভ কৰিছিল সাপ্তাহিক কাকত 'সাদিন'। পিচলৈ তেওঁৰ দিক্-দৰ্শনত পৰ্যায়ক্ৰমে জন্ম হৈছিল অসমীয়া প্ৰতিদিন, নন্দিনী, সাতসৰী আৰু প্ৰতিদিন টাইমৰ।

ভাষাৰ দেউল 'হেমকোষ'ৰ পৰিৱৰ্ধিত সংস্কৰণৰ সম্পাদনাৰ দায়িত্বও পালন কৰিছিল সূচাৰুৰূপে। এই মহান ব্যক্তিত্বৰ অধিকাৰীগৰাকীয়ে হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি তথা 'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱা।

তেখেতৰ জন্ম হৈছিল ১৯২৩ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত। পিতৃ আছিল আনন্দৰাম বৰুৱা আৰু মাতৃ সাৰদা বালা দেৱী।

অসমীয়া ভাষা-সাহিত্য তথা সমাজৰ লগতে সংবাদক্ষেত্ৰ লৈ এই মহান ব্যক্তিগৰাকীৰ অৱদান আছিল অপৰিসীম। এগৰাকী প্ৰশাসনিক বিষয়া হৈও অসমীয়া জাতীয় জীৱনৰ প্ৰতি লক্ষ্য ৰাখি মনোনিৱেশ কৰিছিল সংবাদক্ষেত্ৰত।

এক বৰ্ণময় জীৱন পাৰ কৰা এই মহান ব্যক্তিগৰাকীয়ে ২০১২ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনা জীৱন নাটৰ সামৰণি মাৰে। আজি তেখেতৰ দ্বাদশসংখ্যক মৃত্যু বাৰ্ষিকী।

'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীত সাদিন-প্ৰতিদিন গোষ্ঠীৰ লগতে সমগ্ৰ অসমে জনাইছে সশ্ৰদ্ধ প্ৰণিপাত।