ডিজিটেল ডেস্ক : “মই যেন আজীৱন উৰণীয়া মৌ / জিৰাবৰ নাই তৰু তৃণ/ জিৰণীয়া মৌ দেখি ভাবো একোদিন / মই কিয় ঠিকনা বিহীন ?/ ঠিকনা বিহীন…।।”
আজি ৫ নৱেম্বৰ। সুধাকণ্ঠ ভূপেন হাজৰিকা বিহীন ১৩টা বসন্ত পাৰ হ’ল। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ আজি ত্ৰয়োদশ সংখ্যক মৃত্যুবাৰ্ষিকী।
হেমন্ত- শীতৰ দোমোজাত ২০১১ চনৰ আজিৰ দিনটোতেই মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত মহাপ্ৰয়াণ ঘটিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ। মুহূৰ্ততে অসমৰ আকাশৰ পৰা খহি পৰিছিল এটা উজ্জ্বল জ্যোতিষ্ক।
উকা হৈ পৰিছিল অসমীয়া সংগীতজগতৰ বৰপথাৰ। মুম্বাইৰ পৰা ভাহি অহা এই মৰ্মান্তিক খবৰ লাভ কৰি কাঁহ পৰি জীণ যোৱা অৱস্থা হৈছিল অসমবাসীৰ মাজত। ক’লা ডাৱৰে ছানি ধৰিছিল সহজ- সৰল অসমীয়াৰ মনবোৰত। এনেকৈ অৱসান ঘটিছিল এটা যুগৰ...।
আজি তেখেতৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হ’ব কেতবোৰ অনুষ্ঠান। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ। ভিন ভিন দল- সংগঠনৰ উপৰি অনুষ্ঠান- প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হ’ব সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী।
ভূপেন্দ্ৰ সংগীতৰ লগতে আন আন আনুসংগিক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিব প্ৰাতঃ স্মৰণীয় শিল্পীগৰাকীক।
উল্লেখযোগ্য যে কোকৰাঝাৰতো ব্যাপক কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। আজিৰ এই পবিত্ৰ দিনটোত ভূপেন হাজৰিকাৰ পূৰ্ণবয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত উন্মোচন কৰিব শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি।