অসম

আজি বিশ্ব পৰ্যটন দিৱস

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি সমগ্ৰ বিশ্বই পালন কৰিব পৰ্যটন দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি এক গোট কৰাৰ উদ্দেশ্যৰে তথা নিজ নিজ সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।

সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰিব পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা।