অসম

ভাতৃৰ প্ৰতি ভগ্নীৰ অপাৰ মৰমৰ নিদৰ্শন 'ৰাখী বন্ধন'

Asomiya Pratidin

ডিজিটেল ডেস্ক : এগৰাকী ভাতৃৰ প্ৰতি ভগ্নীৰ কিমান আদৰ-মৰম সেই কথা ভাষাৰে বুজাব নোৱাৰি। ভগ্নীৰ মৰমে দিয়ে অনাবিল আনন্দ, অপাৰ স্নেহ। একেদৰে ভাতৃৰ পৰা পোৱা আদৰ-যত্নই আনন্দৰ অশ্ৰু নিগৰাই আনে এগৰাকী ভগ্নীৰ।

ভাতৃ-ভগ্নীৰ মাজত থকা এই আনন্দ-সুখ যেন সৰগীয় সুখানুভূতিতকৈ কোনো গুণে কম নহয়। এগৰাকী ভাতৃৰ ছত্ৰছায়াই আলফুলে আৱৰি সুৰক্ষিত কৰি ৰাখে মৰমৰ ভনীজনীক। কেতিয়াবা অলপ আদৰ, কেতিয়াবা কোনো কথাত খুঁটখাত এই সকলোবোৰৰ মাজতো যেন অহৰহ পৰস্পৰে পৰস্পৰ মাজত বৈ থাকে মৰম নামৰ নৈখন।

ভাতৃ-ভগ্নীৰ এই পবিত্ৰ সম্পৰ্ক চিৰদিনৰ বাবে অটুট ৰখাৰ উদ্দেশ্যে পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন তিথি। ৰক্ষা বন্ধন বা ৰাখী বন্ধন সনাতন ধৰ্মৰ অন্যতম উল্লেখযোগ্য উৎসৱ। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উৎসৱ পালন কৰা হয়।

এইবাৰো পালন কৰা হৈছে ৰাখী বন্ধন উৎসৱ। অৱশ্যে এইবাৰৰ ৰাখী বন্ধন উৎসৱত সাময়িকভাৱে বাধা আছে। কিয়নো জ্যোতিষশাস্ত্ৰবিদসকলৰ হিচাপ অনুসৰি এইবাৰ ৰাখীবন্ধনত ভদ্ৰৰ ছাঁয়া থাকিব ।

ইয়াৰ প্ৰভাৱ পুৱা ৫.৫৩ বজাৰ পৰা আৰম্ভ হ’ব দুপৰীয়া ১.৩২ বজাত অন্ত পৰিব । এই সময়ত ভুলতেও ৰাখী বান্ধিব নালাগে বা অশুভ সময় বুলি গণ্য কৰা হয়। এই অশুভ ক্ষণ উকলি যোৱাৰ পাছতহে পিন্ধাব পাৰিব ৰাখী। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী ভাতৃ-ভগ্নীলৈ অলেখ শুভেচ্ছা।