অসম

পূজাৰ বতৰত মূৰে - কপালে হাত দিছে ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীয়ে

অনলাইন শ্বপিং আৰু শ্বপিং মলসমূহৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে লামডিং বজাৰৰ ব্যৱসায়ী

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং : দুৰ্গা পূজাৰ বতৰত অনলাইন শ্বপিং আৰু শ্বপিংমলসমূহৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে লামডিং বজাৰত থকা ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল ৷ অনলাইন শ্বপিং আৰু শ্বপিংমলৰ বাবে স্থানীয় ব্যৱসায়ীসকলৰ ব্যৱসায়ত প্ৰভাৱ পৰা বুলি জনাই লামডিং বজাৰৰ ব্যৱসায়ী তথা দোকানৰ মালিকসকলে ।

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। দুৰ্গা পূজাৰ প্ৰাকক্ষণত পূজাৰ বতৰত সাজু হৈছে ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকল। লামডিং বজাৰত কাপোৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহতো ভৰি পৰিছে ভিন্ন ৰঙীন সাজ পোছাক। তাৰ বিপৰীতে লামডিং বজাৰত থকা ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ ভিৰ যথেষ্ট সেৰেঙা হোৱাত বিপদত পৰিছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী।

কাপোৰ দোকানৰ মালিকসকলে কয় যে অনলাইন শ্বপিং মাৰ্কেট আৰু শ্বপিং মলে বজাৰ দখল কৰাত তীব্ৰ ভাবুকি আনিছে । ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বিপৰীতে অনলাইনযোগে বজাৰ কৰাৰ লগতে শ্বপিং মলসমূহত গ্ৰাহকে ভিৰ কৰাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে লামডিংৰ ক্ষুদ্ৰ ব্যৱসায়ী।

পূজাৰ প্ৰকমুহূৰ্তত ব্যৱসায় প্ৰতিষ্ঠানসমূহত বিক্ৰী হ্ৰাস পোৱাত বিপদত পৰিছে লামডিং বজাৰত থকা ক্ষুদ্ৰ কাপোৰৰ ব্যৱসায়ীসকল ৷