অসম

নগাঁৱত পৰিবহন বিভাগে ধৰিলে চোৰাং বালিৰ ডাম্পাৰ

asomiyapratidin

ডিজিটেল সংবাদ,নগাঁও: আছে গৰু নাবায় হাল , থকাতকৈ নথকাই ভালৰ দৰে হৈছে নগাঁৱৰ বন বিভাগ ৷ নগাঁৱত চোৰাং কাঠৰ কলা বজাৰত অভিযান চলাই সফলতা লাভ কৰে আৰক্ষীয়ে ৷ নগাঁও বন সংমণ্ডল বিষয়া কাৰ্যালয় চোৰাং কাঠৰ ক্ষেত্ৰত নিলিপ্ত ৷ একে দৰে চোৰাং বালিৰ গাড়ী জব্দ কৰে নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ে ৷ কিন্তু নগাঁৱৰ বন সংমণ্ডল বিষয়া জন মৌন চোৰাং বালি ব্যৱসায়ৰ ক্ষেত্ৰত ৷

নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ এটি দলে নগাঁৱৰ কঠিয়াতলিত অভিযান চলাই জব্দ কৰে পাঁচখনকৈ চোৰাংকৈ বালি কঢ়িওৱা ডাম্পাৰ ৷ প্ৰথমে অতিৰিক্ত ভাবে বালি বোজাই কৰাৰ বাবে ডাম্পাৰ কেইখন জব্দ কৰা হৈছিল যদিও পিছত চলোৱা তদন্তত পোহৰলৈ আহে যে জব্দ কৰা পাঁচোখন ডাম্পাৰৰে নাছিল বালি কঢ়িওৱা কোনো বন বিভাগৰ চালান ৷ পিছত আটাইকেই খন ডাম্পাৰ অভিযানকাৰী দলে নগাঁও পৰিবহন কাৰ্যালয়লৈ জব্দ কৰি কাৰ্যালয় চৌহদলৈ আনে ৷

অভিযোগ মতে নগাঁও জিলালৈ একাংশ চোৰাং বালি ব্যৱসায়ীয়ে কাৰ্বিআংলং জিলাৰ বৈঠালাংচুৰ পৰা ডাম্পাৰেৰে চোৰাং ভাবে বালি আনি ব্যৱসায় কৰি আহিছে ৷ বৃহস্পতি বাৰে জব্দ কৰা ডাম্পাৰ কেইখনৰ ভিতৰত আছে এ এছ ০২ বিচি ৩৫১৬, এ এছ০১ কেচি ৩৩২৫, এ এছ ০৯চি ৮৫২৭,এ এছ০৩এ ১০১১ ৷