অসম

বিত্তীয় সংকট দূৰ কৰিবলৈ বৃদ্ধি পৰিবহণ কৰঃ বাইক, কাৰ সকলোতে বৃদ্ধি পঞ্জীয়ন মাচুল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিসময়ৰ ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টিতহে গুৰুত্ব প্ৰদান কৰিছে, অভিলেখ গঢ়াই মূল লক্ষ্য হিচাপে লৈছে সেই সময়তে এটাৰ পাছত আন এটাকৈ নতুন নতুন কৰ আৰোপ কৰাৰ লগতে কৰৰ পৰিমাণ বৃদ্ধি কৰি জনতাক মাধমাৰ দিছে।

বিশেষকৈ ৰাজ্যৰ সৰ্বত্ৰে ৰাজপথত পৰিবহণ বিভাগ সন্ত্ৰাসৰ কাৰণ হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এইবাৰ পুনৰ পৰিবহণ কৰ বৃদ্ধি কৰা হৈছে। ১ লাখ ৪০ হাজাৰৰো অধিক ঋণৰ বোজা কঢ়িয়াই থকা ৰাজ্যৰ আৰ্থিক জুৰুলা অৱস্থাক লুকুৱাই ৰাখি বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে জৰুৰীভাৱে অধ্যাদেশ জাৰি কৰি বৃদ্ধি কৰা হৈছে বিভিন্ন বাহনৰ পঞ্জীয়ন মাচুল।

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ইমানেই জুৰুলা যে, পৰিবহন কৰৰ পৰিমাণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিধানসভাৰ অধিৱশনলৈও অপেক্ষা কৰাৰ সময় নহ'ল ৰাজ্য চৰকাৰৰ। অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, ২০২৩ অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে পূৰ্বতকৈ অধিক পঞ্জীয়ন মাচুল আদায় দিব লাগিব।

পূর্বে গাড়ীৰ দামভেদে সাতটা পৰ্যায়ত গ্রাহকে দিব লাগিছিল কৰ। কিন্তু সংশোধিত অধ্যাদেশ অনুসৰি গাড়ীৰ দামভেদে চাৰিটা পৰ্যায়ত কৰ দিব লাগিব গ্রাহকে। অধ্যাদেশৰ জৰিয়তে ধাৰ্য কৰা নতুন নিৰিখ অনুসৰি ৩ লাখ টকাপর্যন্ত নতুন চাৰিচকীয়া বাহন পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৫ শতাংশ কৰ, ৩ লাখৰ পৰা ১০ লাখ টকা পর্যন্ত বাহনৰ ক্ষেত্ৰত ৭ শতাংশ কৰ, ১০ লাখৰ পৰা ২০ লাখ টকা পৰ্যন্ত মূল্যৰ বাহনৰ ক্ষেত্ৰত ১০ শতাংশ আৰু ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ কৰ দিব লাগিব।

অর্থাৎ ৩ লাখ টকা মূল্যৰ এখন বাহনৰ ক্ষেত্ৰত গ্ৰাহকে কৰ হিচাপে ১৩,৫০০ টকা, ৬ লাখ টকাৰ এখন গাড়ীত ৪২ হেজাৰ টকা, ৮ লাখটকীয়া এখন গাড়ীত ৫৬ হেজাৰ টকা কৰ আদায় দিব লাগিব।

একেদৰে মটৰ চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে। ধাৰ্য কৰা নিৰিখ অনুসৰি এক লাখ টকাপর্যন্ত মটৰ চাইকেলত ৬ শতাংশ, এক লাখতকৈ অধিক মূল্যৰ পৰা ৩ লাখ টকাপৰ্যন্ত মটৰ চাইকেলত ৮ শতাংশ আৰু ৩ লাখতকৈ অধিক মূল্যৰ মটৰ চাইকেলৰ ক্ষেত্ৰত ৯ শতাংশ পর্যন্ত পঞ্জীয়ন মাচুল আদায় দিব লাগিব।

উল্লেখ্য যে, পূৰ্বতে ৪ লাখ টকাপর্যন্ত বাহনতহে গ্ৰাহকে কৰ দিব লগা হৈছিল ৫ শতাংশ। কিন্তু নতুন নিৰিখ অনুসৰি তিনি লাখতকৈ অধিক মূল্যৰ বাহন হ'লেই গ্রাহকে ৭ শতাংশ কৰ দিব লাগিব। একেদৰে পূৰ্বতে ১২ লাখ টকাপৰ্যন্ত বাহনৰ ক্ষেত্ৰত কৰৰ পৰিমাণ আছিল ৭ শতাংশ। কিন্তু নতুন নিৰিখ অনুসৰি ১০ লাখ টকাৰ ওপৰৰ বাহনতে গ্ৰাহকে কৰ দিব লাগিব ১০ শতাংশ।

অনুৰূপ ধৰণে পূৰ্বতে ২০ লাখ টকাপৰ্যন্ত বাহনত কৰ নিৰ্ধাৰণ কৰা হৈছিল ৯ শতাংশ। নতুন নিৰিখ অনুসৰি ২০ লাখ টকাপর্যন্ত বাহনত গ্রাহকে কৰ দিব লাগিব ১০ শতাংশ। আগতে ২০ লাখ টকাতকৈ অধিক মূল্যৰ গাড়ীৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰ দিবলগা হৈছিল ১২ শতাংশ। কিন্তু অধ্যাদেশৰ জৰিয়তে এতিয়া ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছে।

পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰতহে ১৪ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল। নতুন বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰৰ পৰিমাণ বৃদ্ধিয়ে গ্ৰাহকক আন এক মাধমাৰ শোধোৱাৰ বাট প্রশস্ত কৰি তুলিছে।

কিয়নো পঞ্জীয়ন মাচুলৰ সমান্তৰালভাৱে গ্ৰাহকে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত জি এছ টিকে ধৰি অন্যান্য মাচুল আদায় দিব লাগিব। তাৰোপৰি ৰাজপথৰ মাজত বিভিন্ন স্থানত স্থাপন কৰা টোল গেট সমূহ আছেই। এনে পৰিস্থিতিত এতিয়া সাধাৰণ জনতাৰ এখন বাহন ক্ৰয় কৰাটো বা বাহন এখন লৈ ওলাই যোৱাটো অসম্ভৱ হৈ পৰিব সেয়া প্ৰায় নিশ্চিত।