অসম

বন মহোৎসৱ : গছ-গছনি কমিছে, বাট-ঘাট ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়ামে...

Asomiya Pratidin

ডিজিটেল ডেস্ক : পৃথিৱীক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ উদ্দেশ্যে ১জুলাইৰ পৰা দেশজুৰি আৰম্ভ হৈছে বন মহোৎসৱ সপ্তাহ। প্ৰতিবছৰে চৰকাৰী অথবা বেচৰকাৰী সংস্থাসমূহৰ উদ্যোগত পালন কৰা হয় বন মহোৎসৱ সপ্তাহ।

এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ তথা পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত কেতবোৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত চৰকাৰেও পৃষ্ঠপোষকতা গ্ৰহণ কৰি পৰিৱেশ সজাগতাৰ নামত কেতবোৰ কাম কৰি আহিছে।

পিছে এইবেলি চৰকাৰে বন মহোৎসৱ সপ্তাহত তেনে কোনো উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কিয়নো শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব সচেতন মহলক।

২০২৪ বৰ্ষৰ বন মহোৎসৱ সপ্তাহ চলি থকাৰ সময়তে পোহৰলৈ আহিছে এই ঘটনা। যিমানে গছ-গছনি কমিছে, সিমানে বাটে-ঘাটে ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়ামে। মানৱ শৰীৰ বাবে অতি বিষাক্ত তথা মাৰাত্মক হিচাপে চৰ্চিত পাৰ্থেনিয়াম গছেৰে ভৰি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ চৌপাশ।

অসমৰ জনসাধাৰণলৈ অশনি সংকেত কঢ়িয়াই আনিছে মাৰাত্মক হিচাপে সৰ্বত্ৰ চৰ্চিত পাৰ্থেনিয়াম গছে। বিশেষকৈ নলবাৰীৰ মাজেৰে অহা ৰাষ্ট্ৰীয় ঘাইপথৰ পথবিভাজকৰ মাজত বিষাক্ত পাৰ্থেনিয়াম ব্যাপক হাৰত বৃদ্ধি পাইছে। জানিব পৰা মতে গোম ধানৰ বীজৰ লগত মিহলি হৈ অসমলৈ আহিছে এই পাৰ্থেনিয়াম।

ইয়াৰ পৰা মানুহৰ বিভিন্ন ৰোগ হোৱাৰ উপৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিব পাৰে জনসাধাৰণ। মানুহৰ উপৰি পশুধনৰ মৃত্যু হোৱাৰো আশংকা আছে ! মানৱ সমাজলৈ ভাবুকি কঢ়িয়াই অনা এইবিধ গছকলৈ শংকিত হৈ পৰিছে সৰ্বসাধাৰণ।

এই পৰিপ্ৰেক্ষিতত নলবাৰী জিলাৰ জনসাধাৰণৰ মাজত এতিয়া পাৰ্থেনিয়ামক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নলবাৰীৰ সচেতন মহলে এই মাৰাত্মক পাৰ্থেনিয়ামক লৈ কেতবোৰ মন্তব্য কৰিছে।

এই ভয়াৱহ সমস্যাৰ সৃষ্টি কৰা কাৰক তথা ভৱিষ্যতে যাতে পাৰ্থেনিয়াম গছৰ বংশবৃদ্ধি নহয় তাক ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে জিলাখনৰ ৰাইজে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এইবাৰ বন মহোৎসৱ সপ্তাহত পাৰ্থেনিয়াম গছৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰেহেঁতেন।

বিষাক্ত পাৰ্থেনিয়াম গছৰ বিৰুদ্ধে অভিযান চলাই জনসাধাৰণৰ দৃষ্টি কাঢ়িব পৰাৰ থল আছিল চৰকাৰৰ। জিলাই জিলাই যেনেদৰে অমৃত বৃক্ষ ৰোপণ কৰাৰ আঁচনি গ্ৰহণ কৰিছিল একেদৰে এইবাৰ বন মহোৎসৱ সপ্তাহত পাৰ্থেনিয়ামৰ বংশবৃদ্ধি ৰোধৰ বাবে কাৰ্যব্যৱস্থা হাতত ল'লে নিশ্চয়কৈ সুফল পোৱা গ'লহেঁতেন।