অসম

প্ৰসিদ্ধ সাহিত্যিক -শিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু বাৰ্ষিকীত গীতে -মাতে শ্ৰদ্ধাঞ্জলি

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : বুধবাৰে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান 'সুৰতীৰ্থ'ৰ সহযোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা লোক -সংস্কৃতিৰ গৱেষক, শিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰা হয়।

সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত উক্ত অনুষ্ঠান অনুষ্ঠিত কৰে আয়োজকে । উদ্ধোধনি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱী, 'সুৰতীৰ্থ'ৰ সভাপতি চিন্ময় চৌধুৰী, দেৱেন্দ্ৰনাথ বসুমতাৰী, মিহিৰ কুমাৰ বৰুৱা, অৱনী ৰঞ্জন পাঠক, প্ৰফুল্ল বৰ্মন আদিসকলে অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে ভিন ভিন শিল্পীয়ে‌ ড০ দত্তৰ গীত -মাত পৰিৱেশন কৰি অনুষ্ঠানটি প্ৰাণবন্ত কৰি‌ তোলে।