অসম

কাজিৰঙাত টি এছ ডি কাৰ ৰেলীৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : অসমত তিনিদিনীয়াকৈ আয়োজন কৰা ষষ্ঠ নৰ্থ ইষ্ট টি-এছ-ডি কাৰী ৰেলীৰ দেওবাৰে কাজিৰঙাত সফল সামৰণি পৰে। সৰ্বভাৰতীয় পৰ্যায়ৰ এই প্ৰতিযোগিতামূলক কাৰ ৰেলীৰ ৰাষ্ট্ৰীয় শাখাত পশ্চিমবংগৰ এছ কে অজগৰ আলী আৰু মহম্মদ মুস্তাফাই প্ৰথম, কলকাতাৰ যোগেন্দ্ৰ যাদৱ আৰু বাংগালুৰুৰ প্ৰকাশ মুথুস্বামীৰ দলে দ্বিতীয় আৰু অসমৰ হৰ্ষ বাগড়োডিয়া, নিকুঞ্জ হৰলালকা আৰু ভিডিত আগৰৱালাৰ দলে তৃতীয় স্থান দখল কৰে।

মহিলাৰ শাখাত প্ৰথম স্থান দখল কৰে কৰ্ণাটকৰ ললিতা গৌড়া আৰু অপৰ্ণা পাঠকৰ দলে। আনহাতে উত্তৰ পূব শাখাত অসমৰ হৰ্ষ বাগড়োডিয়া, নিকুঞ্জ হৰলালকা আৰু ভিডিট আগৰৱালাৰ দলে প্ৰথম, সমৰ্থ কৃষ্ণ চৌধুৰী আৰু শান্তনু চৌধুৰীৰ দলে দ্বিতীয় আৰু আছজাদ আমমেদ চৌধুৰী আৰু ডা০ চুকৰানা চৌধুৰীৰ দলে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ২০১৮ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা নৰ্থ ইষ্ট কাৰ ৰেলীৰ ষষ্ঠ সংস্কৰণত দেশৰ ভিন্ন প্ৰান্তৰ ২২ খন গাড়ীয়ে অংশগ্ৰহণ কৰে।

১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই কাৰ ৰেলীৰ প্ৰথম দিনা নাইট লেগ অৰ্থাত্ নিশাৰ ভাগৰ ৰেলী অনুষ্ঠিত হয় আৰু প্ৰতিযোগী সকল পবিতৰা অভয়াৰণ্যত উপস্থিত হয়গৈ। পিছদিনা পুৱা ৯ বজাত পবিতৰাৰ জিজিনা ৰিজৰ্টৰ পৰা দ্বিতীয় পৰ্যায়ৰ ৰেলী আৰম্ভ হয় আৰু সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰগছ ৰিজৰ্টত উপস্থিত হয়গৈ। নিশাৰ ভাগত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগী সকলৰ মনোৰঞ্জনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

দেওবাৰে বৰগছ ৰিজৰ্টৰ পৰা অগৰাতলীলৈ প্ৰতিযোগিতাৰ তৃতীয় পৰ্য়ায় অনুষ্ঠিত হয়। বিয়লি বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। টি-এছ-ডি কাৰ ৰেলীৰ অন্যতম বৈশিষ্ট্য হৈছে প্ৰতিযোগী সকলে কাৰ ৰেলী আৰম্ভ হোৱাৰ আগ মূহূৰ্তলৈ তেঁওলোক কোন পথেৰে গন্তব্যস্থানলৈ যাব লাগিব সেই বিষয়ে অৱগত নহয়। প্ৰতি দিনাই কাৰ ৰেলী ফ্লেগ অফ কৰাৰ দুই মিনিট পূৰ্বেহে প্ৰতিযোগীসকলক একোখনকৈ ৰ'ড বুক প্ৰদান কৰা হয়। সেই ৰ'ড বুক খন অনুকৰণ কৰাৰ লগতে নিৰ্দিষ্ট গতিবেগেৰে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি প্ৰতিযোগীসকল নিৰ্দিষ্ট সময়ত গন্তব্যস্থানত উপস্থিত হ'বগৈ লাগে।

টি-এছ-ডি প্ৰতিযোগীতাত প্ৰতিযোগীসকলে অত্যন্ত ভিতৰুৱা আৰু দুৰ্গম পথ, পথাৰ, মথাউৰি, নদী আদি অতিক্ৰম কৰিব লাগে। প্ৰতিখন গাড়ী দুই মিনিটৰ মূৰে মূৰ ফ্লেগ অফ কৰা হয়। প্ৰতিযোগীসকলৰ গাড়ীৰ গতিবেগ নিৰীক্ষণ আৰু তেঁওলোকে ৰ'ড বুক অনুকৰণ কৰিছেনে নাই সেয়া পৰীক্ষা কৰাৰ বাবে সমগ্ৰ পথছোৱাত ১০ টাতকৈ অধিক টাইম চেক আৰু পেছেজ কন্ট্ৰ'ল স্থাপন কৰা হয়, য'ত দুই বা তিনিজনকৈ মাৰ্শ্বাল বা ভলেন্টিয়াৰ থাকে।

উল্লেখ্য যে সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল নৰ্থ ইষ্ট টি-এছ-ডি কাৰীতেই নাইট লেগ অনুষ্ঠিত হয় আৰু ই এই প্ৰতিযোগিতাখনৰ অন্যতম আকৰ্ষণ। প্ৰতিযোগিতাত উপস্থিত থাকি ফেডাৰেশ্বন অফ মটৰস্প'ৰ্টছ ক্লাৱছ অৱ ইণ্ডিয়াৰ ছীফ ষ্টিৱাৰ্ট ৰবি আগৰৱালাই নৰ্থ ইষ্ট টি-এছ-ডি ৰেলী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহত্ মটৰস্প'ৰ্টছ প্ৰতিযোগিতা বুলি অভিহিত কৰে। দেশৰ শীৰ্ষ ৰেলিয়িষ্ট সুবীৰ ৰয়ে বিভিন্ন দিশৰ পৰা নৰ্থ ইষ্ট টি-এছৃ-ডি ৰেলী দেশৰ শ্ৰেষ্ঠ টি-এছ-ডি প্ৰতিযোগিতা বুলি কয়।

উল্লেখ্য যে অঞ্চলতোৰ ভৌগোলিক বৈচিত্ৰতাই প্ৰতিযোগী সকলক এনে এক অভিজ্ঞতা প্ৰদান কৰে যি দেশৰ আন প্ৰান্ত বা প্ৰতিযোগিতাত সম্ভৱ নহয় আৰু এইকাৰণেই বহু কেইগৰাকী প্ৰতিযোগীয়ে প্ৰতি বছৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। প্ৰতিযোগিতাৰ আয়োজক অভিজিত্ গগৈয়ে কা আন্দোলন আৰু কোভিড মহামাৰীৰ পিছত এইবাৰ প্ৰতিযোগীসকলৰ সঁহাৰি যথেষ্ট উত্সাহজনক আছিল বুলি কয়। গগৈৰ মতে দেশৰ শীৰ্ষ ১০ গৰাকী ড্ৰাইভাৰ আৰু নেভিগেটৰৰ ভিতৰত ৭-৮ জনেই প্ৰতি বছৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে।