ভাৰত ভ্ৰমণলৈ যোৱা পাঠশালাৰ তীৰ্থ যাত্ৰী মহা বিপদতঃ ৪৯ জনৰ ১২ জনেই অসুস্থ, এজনৰ মৃত্যু... 
অসম

ভাৰত ভ্ৰমণলৈ যোৱা পাঠশালাৰ তীৰ্থ যাত্ৰী মহা বিপদতঃ ৪৯ জনৰ ১২ জনেই অসুস্থ, এজনৰ মৃত্যু...

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুজৰাট গৃহমন্ত্ৰীৰে কৰিছে আলোচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পাঠশালাৰ পৰা ভাৰত ভ্ৰমণলৈ যোৱা ৪৯ গৰাকী তীৰ্থ যাত্ৰীৰ কেইবাজনো হঠাৎ অসুস্থ হৈ পৰাৰ লগতে এজন যাত্ৰীৰ মৃত্যু হৈছে। ফলত এই তীৰ্থ যাত্ৰীসকল মহা বিপদৰ সন্মুখীন হৈছে।

জানিব পৰা মতে পাঠশালাৰ পৰা তীৰ্থ যাত্ৰা আৰম্ভ কৰা এই দলটো বৰ্তমান ডাকৰা ৰে'ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱা শ্ৰম সংঘত আৱদ্ধ হৈ আছে । তেওঁলোকৰ মাজৰ ১২ গৰাকী যাত্ৰীয়ে অসুস্থা হৈ পৰিছে। আনহাতে আন এগৰাকীৰ যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে।

নিহত তীৰ্থ যাত্ৰীগৰাকীৰ নাম উদ্বৱ দাস। তেওঁৰ ঘৰ বজালীৰ মানিকপুৰৰ চৈবাৰীত। ইফালে অসুস্থ হৈ পৰা এই তীৰ্থ যাত্ৰীসকলে চিকিৎসাৰ পৰাও বঞ্চিত হৈছে। তেওঁলোকে এতিয়ালৈকে কোনোধৰণৰ চিকিৎসা লাভ কৰা নাই।

জানিব পৰা মতে এই যাত্ৰীসকলে যোৱা ২৩ ছেপ্টেম্বৰত ৰঙিয়াৰ পৰা ৰে'ল যোগে ডাৰকালৈ গৈছিল। অৱশ্যে এই বাতৰি প্ৰতিদিন টাইমত প্ৰচাৰ হোৱাৰ লগে লগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ তীৰ্থ যাত্ৰীসকলৰ সৈতে যোগাযোগ কৰি পৰিস্থিতিৰ বুজ লৈছে। সমান্তৰালকৈ গুজৰাটৰ গৃহমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি এই যাত্ৰীসকলৰ চিকিৎসা, সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈয়ো আহ্বান জনাইছে। জানিব পৰা মতে গুজৰাট চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে তীৰ্থ যাত্ৰী দলটোক সহায়ৰ বাবে আগবাঢ়িছে।