অসম

গোৱাত অনুষ্ঠিত স্পাৰ্ক মিষ্টাৰ ইণ্ডিয়াত উজলিল চতিয়াৰ দুই ভাতৃ

Asomiya Pratidin

ডিজিটেল সংবাদ,চতিয়া : যোৱা ২৮ জুলাইৰ পৰা ৩০ জুলাইলৈকে গোৱাত ৰিজু মিলাৰৰ উদ্যোগত অনুষ্ঠিত স্পাৰ্ক মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত উজ্বলি উঠিছে চতিয়াৰ দুই ভাতৃ ৷ চতিয়াৰ এল বি ৰোডৰ নিবাসী ত্ৰিদীপ বৰদলৈ আৰু কৰবী বৰদলৈৰ দুই সন্তান প্ৰীত প্ৰয়াস আৰু ময়ূৰাংশ বৰদলৈয়ে স্পাৰ্ক মিষ্টাৰ ইণ্ডিয়াৰ প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰে ৷

প্ৰীত প্ৰয়াস বৰদলৈয়ে মিষ্টাৰ টীন আৰু ময়ূৰাংশ বৰদলৈয়ে মিষ্টাৰ কিডচৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ বৰ অসম ক্ৰিয়েচনত প্ৰশিক্ষণপ্ৰাপ্ত ভাতৃদ্বয়ে ২০১৯ চনৰে পৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

দুই ভাতৃৰ এই সাফল্যই চতিয়া তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে, দুই ভাতৃ বিশ্বনাথৰ ইষ্ট ইণ্ডিয়ান স্কুলৰ অষ্টম আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৷