অসম

লামডিঙৰ একেখন গাঁৱৰে দুজনকৈ কিশোৰ নিৰুদ্দেশ

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিঙ : একেখন গাঁৱৰে দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে লামডিঙত ৷ পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত নতুন বস্তিত সংঘটিত হৈছে এই ঘটনা ৷

গাঁৱখনৰ দুজনকৈ কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লামডিঙতে ৷ জানিব পৰা মতে নতুন বস্তিৰ নিবাসী বিচিত্ৰ দাস আৰু তেওঁৰ সতীৰ্থ সাগৰ ছেত্ৰী নামৰ দুয়োজন সতীৰ্থ যোৱা ৪দিনৰ পৰাই সন্ধানহীন হৈ আছে ৷

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যোৱা বুধবাৰে সন্ধিয়া ভাগত শেষবাৰৰ বাবে দেখা পাইছিল বিচিত্ৰ দাসক ৷ আনফালে সাগৰ ছেত্ৰীয়ে গুৱাহাটীত কেটাৰিঙৰ কাম পাইছিল বুলি পৰিয়ালৰ লোকক কৈ ঘৰৰ পৰা ওলাই গৈছিল ৷

দুৰ্ভাগ্যৱশত আজি পৰ্যন্ত দুয়ো কিশোৰৰ কোনো শুংসূত্ৰ নাই ৷ দুয়োটা পৰিয়ালে লামডিং থানা আৰু লামডিং ৰে'লৱে জংচনৰ জি আৰ পি থানাত নিৰুদ্দেশ হোৱাৰ ভিত্তিত এজেহাৰ দাখিল কৰিছে ৷

সম্প্ৰতি তেওঁলোকক বিচাৰি নোপোৱাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত ৷ আনহাতে দুয়োৰে বয়স ১৫ বছৰ বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে।