অসম

সমাগত মাঘ বিহুঃ চন্দ্ৰযানৰ আৰ্হিত সাজি উলিয়ালে ভেলাঘৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত বৰ্ষত চন্দ্ৰৰ বুকুত অৱতৰণ কৰি দেশৱাসীক গৌৰৱান্বিত কৰা চন্দ্ৰযান-৩ এতিয়া ভোগালী বিহুৰ বিষয়বস্তু হৈ পৰিছে। ওদালগুৰি চহৰৰ মাজমজিয়াৰ ৩ নম্বৰ ৱাৰ্ডৰ নিজৰাপাৰাৰ অগ্ৰসৰ যুৱ সমাজৰ ভোগালী বিহুৰ আকৰ্ষণ হৈ পৰিল সুউচ্চ চন্দ্ৰযান-৩ৰ আৰ্হিৰ ভেলাঘৰ।

বিগত বৰ্ষবোৰত বিভিন্ন আৰ্হিৰ ভেলাঘৰ সাজি উলিওৱা অঞ্চলৱাসীয়ে এইবাৰ চন্দ্ৰযানৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অঞ্চলটোৰ যুৱকসকলৰ পৰা আৰম্ভ কৰি বয়োজেষ্ঠসকলৰ প্ৰচেষ্টাত এই ভেলাঘৰটো সাজি উলিওৱা হৈছে। ইয়াৰ জৰিয়তে অঞ্চলৱাসীয়ে ভাৰতৱাসীক এনে গৌৰৱৰ মূহুৰ্ত দিয়াৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোক শুভেচ্ছা জ্ঞাপন কৰে।

কেৱল এয়াই নহয়, উক্ত ভেলাঘৰটোৰ সমান্তৰালভাৱে অঞ্চলৱাসীয়ে সমীপতে আন এটি চাংঘৰ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰিছে। যিটো ভেলাঘৰত অঞ্চলৱাসীয়ে উৰুকাৰ নিশা লগে ভাগে এসাজ খাব বুলি উল্লেখ কৰে।

ইয়াৰোপৰি অতীতৰ পৰা চলি অহা পৰম্পৰাক মানি অঞ্চলৱাসীয়ে পহিলা মাঘৰ দিনটোত ভেলাঘৰৰ বাকৰিত আয়োজন কৰিছে পৰম্পৰাগত খেল-ধেমালি। কনী ভঙাৰ পৰা আৰম্ভ কৰি কলগছ বগোৱা ইত্যাদি খেল অনুষ্ঠিত কৰি অঞ্চলটোৰ ৰাইজে আনন্দত মতলিয়া হ'ব।

ইফালে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ভোগালীক লৈ ব্যাপক উচাহ পৰিলক্ষিত হৈছে। গাওঁৰ জিয়ৰী-বোৱাৰীয়ে পিঠাপনা প্ৰস্তুত কৰাত ব্যস্ত থকাৰ সমান্তৰালভাৱে গাওঁৰ ডেকা-বুঢ়াসকলে ভিন্ন আকৃতিৰ মেজি নিৰ্মাণ কৰাৰ লগতে উৰুকাৰ নিশা ভোজভাতৰ আয়োজনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।