বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু.. 
অসম

বকো নৈত পৰি এজনৰ কৰুণ মৃত্যু..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বকোৰ লেপগাঁও টিলাপাৰাত অঘটন। বকো নৈত পৰি মৃত্যু হ'ল এজন ব্যক্তিৰ। নিহত ব্যক্তিজন লেপগাওঁ টিলাপাৰাৰে উদয় শৰনীয়া (৫৫)।

জানিব পৰা মতে বকো নৈত বালি মহল চলোৱা খননৰ ফলত নৈখনৰ ঠায়ে ঠায়ে বহু দ হৈ পৰিছে। এনে এক দ-স্থানত পৰিয়েই তেওঁৰ মৃত্যু হয়।

নিহত উদয় শৰনীয়াক নিশাই বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অহা হয়। বৰ্তমান তেওঁৰ মৃতদেহ বকো আৰক্ষী থানাতে আছে। জানিব পৰা মতে মদ্যপান কৰাৰ ফলতে তেওঁ নৈখনৰ দ-স্থানত পৰি এইদৰে মৃত্যুক আকোৱালি লয়।