অসম

গ্ৰেপ্তাৰ হোৱা যুৱক আলফা(স্বা)ৰ লগত জড়িত নহয়ঃ আৰক্ষীৰ কৰ্মক গৰিহণা বিদ্ৰোহী সংগঠনটোৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফ(স্বা)ৰ সন্দেহযুক্ত কেডাৰ গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত স্পষ্টীকৰণ দিলে সংগঠনটোয়ে। ২১ ডিচেম্বৰত এক বিবৃতি জাৰি কৰি সংগঠটোৱে কয় যে, ''সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী ২২ নৱেম্বৰ, ১ ডিচেম্বৰ আৰু ১৪ ডিচেম্বৰ ২০২৩ তাৰিখে কাকপথাৰ, শিৱসাগৰ আৰু যোৰহাটত যিকেইটা সামৰিক অভিযান ৰূপায়ন কৰা হৈছিল।

উক্ত অভিযানত সহযোগীতা আগবঢ়োৱাৰ সন্দেহত যোৱা ইংৰাজী ১৬ ডিচেম্বৰ ২০২৩ তাৰিখৰ পৰা গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন অঞ্চলৰ পৰা যিকেইগৰাকী নিৰীহ যুৱকক অসম আৰক্ষীয়ে প্ৰথমে সোধ-পোছৰ বাবে আটক কৰি পিছত গ্রেপ্তাৰৰ ৰূপ দিছে; সেই বিষয়ত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনে স্পষ্ট কৰি দিব বিচাৰোঁ যে- "সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]" সংগঠনৰ সহযোগকাৰীৰূপে বা উল্লিখিত অভিযান সমূহৰ সন্দৰ্ভত গ্রেপ্তাৰ আৰু আটকাধীন যুৱকসকল কোনো প্ৰকাৰে জড়িত নহয়।

এই সময়চোৱাত সেইসকল নিৰীহ যুৱকক আটক আৰু গ্রেপ্তাৰ কৰি অসম আৰক্ষীয়ে যি আত্মসন্তুষ্টি লাভ কৰিব চাৰিছে সেয়া প্রকৃততে অসম আৰক্ষীয়ে নিজৰ বিফলতাৰ দোষ ঢাকিবলৈ কৰা এক বিনির্জিত প্রয়াস মাথো। অসম আৰক্ষীৰ এনে কৰ্ম গৰিহণাৰ যোগ্য আৰু নিন্দনীয়''।

যোৱা কেইটামান দিনত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্নস্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ যুৱকক আটক কৰিছিল। এই যুৱককেইজন আলফা(স্বা)ৰ বুলি দাবী কৰিছিল আৰক্ষীয়ে।

উল্লেখ্য যে,  বিগত কেইটামান দিনত ডিজিপি আৰু আলফা(স্বাঃ) ৰ মাজত বাক-বিতণ্ডা চলি আছিল। ডিজিপি গৰাকীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনোৱাৰ সমান্তৰালভাৱে আলফ(স্বা)য়েও সিঙক প্ৰত্যাহ্বান জনাইছিল।