অসম

ভংগ হ'ব আলফাৰ আলোচনাপন্থী গোট

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মংগলবাৰে আনুষ্ঠানিক ভাৱে ভংগ হ'ব আলফাৰ আলোচনাপন্থী গোট । কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত ২৯ ডিচেম্বৰত নতুন দিল্লীৰ নৰ্থ ব্লকত স্বাক্ষৰিত হয় বহু প্ৰত্যাশিত শান্তিচুক্তি । এই চুক্তি অনুসৰি আনুষ্ঠানিকভাৱে আলফা ভংগ হ’ব ।

মঙলদৈ চমুৱাপাৰাত কেম্পত বিশাল আয়োজন ।অৰবিন্দ ৰাজখোৱা , অনুপ চেতিয়া, ৰাজু বৰুৱা, প্ৰনতি ফুকন, শশ চৌধুৰী, প্ৰদীপ গগৈ, প্ৰাণজিত শইকীয়াকে ধৰি প্ৰায় সংখ্যক নেতা উপস্থিত থাকে।আলফা ভংগ হ'লেও বৰ্তমানেও আলফালৈ যুৱক সকল গৈ থকা সন্দৰ্ভত অনুপ চেতিয়াৰ ভাষ্য, অলফালৈ যুৱক সকল যাবই ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে বুলি মন্তব্য় কৰে।