আজি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি... 
অসম

আজি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি দিল্লীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে আলফা নেতৃত্বই স্বাক্ষৰ কৰিব শান্তি চুক্তি। দিল্লীৰ নৰ্থ ব্লকত সন্ধিয়া ৫ বজাত আলফাৰ সৈতে চৰকাৰৰ এই শান্তি চুক্তি স্বাক্ষৰ হ'ব।

এই অনুষ্ঠানত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্র-ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব। এই শান্তি চুক্তিত আলোচনাপন্থী আলফাৰ ১৬ জন নেতাই অংশগ্রহণ কৰিব।

এই ১৬ গৰাকী নেতাৰ ভিতৰত আছে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-সভাপতি প্রদীপ গগৈ, বিত্ত সচিব চিত্রবন হাজৰিকা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী, সাংস্কৃতিক সচিব প্রণতি ডেকা, মৃণাল হাজৰিকা, অন্টু চাউদাং, ৰাজু বৰুৱা, শশধৰ চৌধুৰী আদি। ইয়াৰোপৰি এই শান্তি চুক্তিৰ সাক্ষী হিচাপে অসমৰ বিভিন্ন খিলঞ্জীয়া সংগঠনৰ চৈধ্য বিশিষ্ট ব্যক্তিক আলোচনাপন্থী আলফাই দিল্লীলৈ নিমন্ত্রণ কৰি নিয়া বুলিও চৰ্চা হৈছে যদিও তেওঁলোকৰ বিষয়ে একো জানিব পৰা নাই।

ইফালে এই চুক্তিৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে সন্ধিয়া কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াৰ সৈতে আলোচনাপন্থী আলফাৰ প্ৰতিনিধি দলৰ শেষৰখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ সৈতে অন্তিমখন বৈঠকত অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্রদীপ গগৈ, শশ চৌধুৰী আদিয়ে অংশগ্রহণ কৰে।

আজি সন্ধিয়া চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে সন্ধিয়া সাত বজাত দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াত এখন সংবাদমেল সম্বোধন কৰিব বুলিও জানিব পৰা গৈছে। ইয়াৰ পাছত ৩০ ডিচেম্বৰত আলফাৰ এই দলটো অসমলৈ ঘূৰি আহিব। ৩১ ডিচেম্বৰৰ বিয়লি দুই বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এক সম্বৰ্ধনা সভা।