অসম

বিহুৰ পূৰ্বে ভাল খবৰ! স্বাক্ষৰিত হ'ব আলফা শান্তি চুক্তি, কি কি আছে এই চুক্তিত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিচেম্বৰৰ ২৯ তাৰিখে স্বাক্ষৰিত হ'ব বহু প্ৰতীক্ষিত আলফা শান্তি চুক্তি। এক দশকৰো অধিককাল ধৰি চলা আলোচনা প্ৰক্ৰিয়াই অৱশেষত লাভ কৰিব চূড়ান্ত ৰূপ।

২৯ ডিচেম্বৰত আলফাৰে হ'ব শান্তি চুক্তি। সোমবাৰে সন্ধিয়া দিল্লী আহি পোৱা বিদ্রোহী সংগঠনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰীৰ সৈতে মঙলবাৰে মধ্যস্থতাকাৰী এ কে মিশ্রৰে হোবা এক বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পাচত এই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

২৯ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ বিভাগৰ কাৰ্যালয়ত গৃহ মন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ'ব ত্রিপাক্ষিক চুক্তিখন। জানিব পৰা মতে অসমৰ আৰ্থ সামাজিক দিশক সুদূৰ প্রভাৱ বিস্তাৰ কৰিব পৰাকৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া চুক্তিখন হ'ব এখন সর্বাংগীণ চুক্তি।

চুক্তিত অসমৰ থলগিৰি জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ বিশেষ ব্যবস্থা প্রদান কৰা হ'ব। বিধানসভা আৰু লোকসভাৰ সমষ্টি সংৰক্ষণৰ বাবে এটা নির্দিষ্ট সমীকৰণ প্ৰদান কৰা হ'ব।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি অসম চুক্তিৰ ৬ নং দফা অর্থাৎ অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচৰ বিষয়টো সন্নিৱিষ্ট কৰা হ'ব। ৰাজ্যৰ সর্বাংগীণ উন্নতিৰ বাবে থাকিব এক বৃহৎ বিশেষ বিত্তীয় পেকেজৰ ব্যৱস্থা। পাঁচ বছৰৰ বাবে প্রযোজ্য হ'ব উক্ত পেকেজ।

আনহাতে নিয়াৰিকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্রতিশ্রুতি প্রদান কৰা হ'ব চুক্তিখনত। লগতে আলফা নেতা- কেডাৰসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা থাকিব চুক্তিখনত।

উল্লেখ্য যে ২০১১ চনত প্রাক্তন কেন্দ্রীয় গৃহ মন্ত্রী পি চিদম্বৰমৰ ওচৰত আলফা নেতৃবর্গই তেওঁলোকৰ দাবী চনদ আনুষ্ঠানিকভাৱে দাখিল কৰিছিল। মধ্যস্থতাকাৰী হিচাপে প্রথমতে কেন্দ্রীয় চোৰাংচোৱাৰ প্রাক্তন মুৰব্বী পি চি হালদাৰ আৰু এ কে মাথুৰৰ পাচত এ কে মিশ্রই আলোচনাপন্থী আলফাৰ সৈতে আলোচনা প্রক্রিয়া আগবঢ়াই নিছিল।

স্বাভাৱিকতেই এক দশকৰো অধিক কাল ধৰি চলা আলোচনাৰ অন্তত স্বাক্ষৰ কৰিবলগীয়া চুক্তিখনৰ বাবে অসমবাসীয়ে আগ্রহেৰে বাট চাই আছে। লগতে চুক্তিখনকলৈ আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুবাৰ প্রতিক্রিয়াও চাবলগীয়া বিষয় হ'ব।