কি কি অপৰাধ কৰিছিল শিৰোনাম অসম আৰু বৰ্ণালী অসমে?- আলফাই দিলে বিবৃতি...  
অসম

কি কি অপৰাধ কৰিছিল শিৰোনাম অসম আৰু বৰ্ণালী অসমে?- আলফাই দিলে বিবৃতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ শিবিৰত দুই শীৰ্ষ নেতাক মৃত্যুদণ্ড বিহাৰ বিষয়ত সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে সংগঠনটোৱে। সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে স্বাক্ষৰ কৰা সেই বিবৃতিটো হুবহু তুলি ধৰা হ'ল। -

ইয়াৰ দ্বাৰা অসমৰ থলগিৰি জনগণক জনোৱা হয় যে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নিম্ন পৰিষদৰ প্রাক্তন উপ সভাপতি ব্ৰিগেদিয়াৰ এ. জেদ, শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা আৰু প্ৰাক্তন পি. টি. ই. বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াই সংগঠনৰ সংবিধান আৰু নীতি-আদর্শক চূড়ান্তভাৱে অৱমাননা কৰি-

১/ ভাৰতীয় চোৰাংচোৱা বাহিনীক সহযোগ কৰা,

২/ মহিলা সৈনিকৰ দ্বাৰা সতীৰ্থক ভীতি-দোহন [Blackmailing) কৰি শত্রুপক্ষৰ ওচৰত অস্ত্রসহ আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰোৱা,

৩/ শিবিৰৰ পৰা পলায়ন কৰা সদস্য আটক হোৱাৰ পিছত বুজনি দিয়াৰ পৰিবৰ্ত্তে বাদ-বিচাৰ নকৰাকৈ তথা বিচাৰ সদনত উপস্থিত নকৰোৱাকৈ আটক কৰা স্থানত অনুমতিবিহীনভাৱে হত্যা কৰি অসম আৰক্ষীৰ দৰে ভুৱা সংঘৰ্ষ [Encounter]ত মৃত্যু হোৱা বুলি উৰ্দ্ধতম কৰ্তৃপক্ষক ভুল তথ্য দি সংগঠনক বিপথে পৰিচালিত কৰা,

৪/ চেতিয়া আৰু দেউৰী উপাধিৰ অসম আৰক্ষী অধীক্ষক পৰ্যায়ৰ শীর্ষ বিষয়া আৰু ভাৰতীয় সেনা বিষয়াৰ দ্বাৰা প্ৰস্তাৱিত হৈ মৃত্যুদণ্ড প্রাপ্ত দুয়োগৰাকীয়ে জানি-বুজি সংগঠনৰ অস্ত্ৰ-শস্ত্ৰ, ৰেডিঅ আদি বিকল কৰি ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা,

৫/ বিনা বিচাৰ তথা উর্দ্ধতম কর্তৃপক্ষৰ অনুমতিৰ অবিহনে সৰু সৰু কথাত সদস্য/সদস্যা সকলক নিষিদ্ধ বেত্রাঘাতৰ দৰে শাৰীৰিক উৎপীড়ন চলোৱা আৰু ভিত্তিহীন কথা শিবিৰত প্ৰচাৰ কৰা,

৬/ সৈনিক সদস্যা সকলক ভীতি-দোহন [Blackmailing] কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা,

৭/ দুয়োজনে মিলি শিবিৰত মতানৈক্য আৰু বিভেদ সৃষ্টি কৰি বাকী সদস্য/বিষয়া সকলক বশ কৰাৰ অভিসন্ধিত লিপ্ত হোৱা,

৮/ সংগঠনে ব্যৱহাৰ কৰা গোপন পথসমূৰ তথ্য শত্রুপক্ষক যোগান ধৰা,

৯/ নতুন সদস্যক পলায়নৰ বাবে অনুপ্ৰাণিত কৰাৰ লগতে গোপন পথ আৰু অন্যান্য সুবিধা সমূহ প্ৰদান কৰা,

১০/ শিবিৰৰ এক বৃহৎ দলক একত্রিত্ব কৰি অস্ত্র-শস্ত্ৰসহ শত্রুপক্ষৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ যো-জা চলোৱা" কে আদি কৰি সোতৰটাকৈ অধিক গুৰুত্বৰ অপৰাধ সংঘটিত কৰাত যোৱা ইংৰাজী ৩০ আগষ্ট ২০২৩ তাৰিখে এ. জেদ. শিৰোনাম অসমক গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত উচ্চ পৰিষদৰ উপ সভাপতি লেঃ জেঃ মাইকেল অসম, নিম্ন পৰিষদৰ সভাপতি মেঃ জেঃ নয়ন অসম আৰু নিম্ন পৰিষদৰ সাধাৰণ সম্পাদক ব্রিগেদিয়াৰ অৰুণোদয় অসমৰ নেতৃত্বত বিচাৰ সদন আৰম্ভ হয় আৰু সেই সদনতেই অভিযুক্তই সকলো অপৰাধ নিজমুখে স্বীকাৰ কৰে লগতে বর্ণালী অসমো তেওঁৰ পৰিকল্পনাৰ মূল অংশীদাৰি বুলি স্বীকাৰ কৰাত যোৱা ইংৰাজী ৯ চেপ্তেম্বৰ ২০২৩ তাৰিখে বৰ্ণালী অসমক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হয়। উক্ত জেৰা কালত অসম আৰক্ষী আৰু সেনা বাহিনীৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকাৰ কথা বৰ্ণালী অসমে নিজে স্বীকাৰ কৰি অপৰাধৰ সত্যতা প্রমাণিত কৰাত সংগঠনৰ বিচাৰ সদনৰ দ্বাৰা যোৱা ইংৰাজী ১৮ চেপ্তেম্বৰ ২০২৩ তাৰিখে মৃত্যুদণ্ডৰ নিৰ্দেশনা জানি কৰা হয়।

উল্লেখ্য যে, এ. জে. শিৰোনাম অসমে ২০১৮ চনত টাগাৰ চলমান মুখ্য কাৰ্য্যালায়তো বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হোৱাৰ বাবে এবছৰৰ সশ্রম শান্তি প্ৰদান কৰি খিতাপ অবনমন কৰা হৈছিল৷ আনহাতে প্রাথমিক সামৰিক প্ৰশিক্ষণৰ মাজভাগত বর্ণালী অসমে এক জঘন্য অপৰাধ সংঘটিত কৰিছিল। দুয়োৱে বিগত সময়ত কৰা অপৰাধৰ আত্মসংশোধনৰ বাবে একাধিকবাৰ সুযোগ প্রদান কৰা হয় যদিও পুনঃ পুনঃ সংগঠন বিৰোধী কাৰ্য্যত লিপ্ত থকাৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সাধাৰণ বিচাৰপীঠে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ইংৰাজী ২০ চেপ্তেম্বৰ ২০২৩ তাৰিখে দুয়োকে মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়।

বিঃদ্ৰঃ প্রয়োজন সাপেক্ষে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হোৱা আটাইবোৰ অভিযোগ বিতংভাৱে প্ৰকাশ কৰা হ'ব।