অসম

অসমৰ অখণ্ডতা সু-নিশ্চিত হোৱাৰ গেৰাণ্টি প্ৰদান কৰিছে কেন্দ্ৰইঃ আলফা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চুক্তি স্বাক্ষৰ কৰাৰ পাছত শনিবাৰে স্ব-ভূমিত উপস্থিত হয় আলোচনাপন্থী আলফাৰ দলটো। গুৱাহাটীত উপস্থিত হৈয়ে দলটোৱে এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই অসমবাসীক ক্ষমা প্ৰাৰ্থনা বিচাৰে। বিশেষকৈ ধেমাজিৰ বোমা বিস্ফোৰণৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা সভাপতি গৰাকীৰ।

সংবাদমেল সম্বোধন কৰি আলফাই কয় যে, অসমৰ অখণ্ডতা সু-নিশ্চিত হোৱাৰ গেৰাণ্টি প্ৰদান কৰিছে কেন্দ্ৰই। শ্বহীদ আৰু চিৰ দিনৰ বাবে ঘুনিয়া হোৱা লোকক স্মৰণ আলফা নেতৃত্বৰ।

আলফাই কয়, আমি সকলো চালি জাৰি চাই এই চুক্তি কৰিছো। বিধানসভা অসমৰ হাতত থাকিলে ইয়ে হ'ব সাংবিধানিক ৰক্ষা কবচ। বিধান সভাত ৮৮% আসন সংৰক্ষণৰ দাবী আছিল আলোচনা পন্থী আলফাৰ। ৮৮% আসন সংৰক্ষণ হ'লে সৰ্বমুঠ ১০২ টা সমষ্টি সংৰক্ষণ হ'ব।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক সমৰ্থ জনাই এই চুক্তি স্বাক্ষৰ কৰা হৈছে । ৯৪টা বিধানসভা সমষ্টি খিলঞ্জীয়াৰ হাতত থাকিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা।

লগতে কয়, একাংশ মানুহে ৩৭১ বিচাৰে। ইয়াৰ বাবে ট্ৰাইবেল ষ্টেট লাগিব। অসমত এয়া সম্ভৱ নহয়। কোনোবাই ৩৭০ বিচাৰে। কিন্তু ৩৭০ কাশ্মীৰতে স্বৰ্গগামী হ'ল।

একাংশই আইএলপি বিচাৰিছে। ই অসমত সম্ভৱ নহয়। অসমত প্ৰতিদিনে ২৮৩ খন বিমান, ১৫০ খন ৰেলৰ চলাচল হয়। এনে কি মূল্যবান সম্পদন আছে যে আইএলপি দি অসমলৈ আহিব। তাতে ইয়াক দক্ষিণ এচিয়াৰ মূল দ্বাৰ বনোৱাৰ চেষ্টা চলাই থকা হৈছে। যাৰ বাবে ইয়াক কাৰ্যকৰী কৰা সম্ভৱ নহয়।

পতাকা সন্দৰ্ভত আলফা নেতৃত্বই কয় যে, নগাই পতাকা বিচাৰি আছে। নগাক আজিলৈকে পতাকা দিয়া নাই। ইয়াৰ বাবে নগা ৭ ভাগ হ'ল। সকলোকে কেৱল উন্নয়ন লাগে। কেৱল এটা ভাগেহে পতাকা বিচাৰে।

'কা' আন্দোলন সন্দৰ্ভত কয় যে, কা আন্দোলন শেষ হ'ল। এই বিষয়ে কেন্দ্ৰৰ লগত কথা পতা হৈছিল। কিন্তু এতিয়া কেন্দ্ৰৰ হাতত একো নাই। উচ্চতম ন্যায়ালয়ত আছে। উচ্চতম ন্যায়ালয়ে ৰায় দিলেহে কা বলবৎ হ'ব।