অসম

আত্মসমৰ্পনঃ মূলসূতিলৈ উভতিল ৪ জনকৈ আলফা(স্বা) কেডাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আত্মসমৰ্পন কৰিলে ৪ জনকৈ আলফা(স্বা) কেডাৰে। বুধবাৰে দুপৰীয়া ১২.৩০ মান বজাত ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পন কৰা এই আলফা(স্বা) কেইগৰাকীয়ে অস্ত্ৰও সম্বৰণ কৰে।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই আটাইকেইজনে গামোচাৰে আদৰণি জনায়। আত্মসমৰ্পন কৰা সদস্য কেইগৰাকী ক্ৰমে- দীপক হাতী বৰুৱা, নয়ন পাটমাউট, মন্টু মৰান আৰু পলাশ মৰান।

ডিগবৈৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসমে ২০১১ চনৰ ২৫ মেত আলফা(স্বা) ত যোগদান কৰিছিল। ৩ মাহ ধৰি ম্যানমাৰত তেওঁ ট্ৰেইনিং লাভ কৰিছিল। আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল- S/S LT.

সোণাৰিৰ যুৱক নয়ন পাটমাউট ওৰফে বিক্ৰম অসমে ২০১০ চনত আলফা(স্বা) ত যোগদান কৰিছিল। ম্যানমাৰৰ টাকা কেম্পত তেওঁ ট্ৰেইনিং লাভ কৰিছিল। আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল- S/S captain.

তিনিচুকীয়াৰ মন্টু মৰাণ ওৰফে কুলাং মৰাণে ৪ ডিচেম্বৰ ২০১৮ ত যোগদান কৰিছিল আলফা(স্বাঃ)ত। ম্যানমাৰতে ট্ৰেইনিং লাভ কৰিছিল মন্টু মৰানে। তেওঁৰ ৰেংক আছিল- S/S CPL.

তিনিচুকীয়াৰ পলাশ মৰাণ ওৰফে গোপাল মৰানে ২০২১ চনত আলফা(স্বা)ত যোগদান কৰিছিল।