২১ জুলাইৰ পৰা দিল্লীত ইউনেস্কৰ বৈঠকঃ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা... 
অসম

২১ জুলাইৰ পৰা দিল্লীত ইউনেস্কৰ বৈঠকঃ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ পোন প্ৰথমবাৰৰ বাবে এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কৰ বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক। অহা ২১ জুলাইৰ পৰা ৩১ জুলাই লৈকে অনুষ্ঠিত হ'বলগীয়া কমিটিৰ এই ৪৬ সংখ্যক বৈঠকতে অসমৰ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ১৪ চনতেই চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ বিশ্ব ঐতিহ্য স্থানৰ প্ৰাৰম্ভিক তালিকাত স্থান লাভ কৰাৰ পাছত অসম চৰকাৰে চৰাইদেউ মৈদামক্ষেত্ৰ উন্নয়নৰ বাবে তৎপৰ হৈছিল। পুৰাতত্ব বিভাগৰ বিশেষজ্ঞ কে চি নেৰিয়ালৰ তত্বাৱধানত চৰাইদেউৰ সমলসমূহ অধ্যয়ন কৰি ২০২৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ভাৰত চৰকাৰলৈ দচিয়াৰ প্ৰেৰণ কৰে।

ভাৰত চৰকাৰে ইউনেস্কৰ মজিয়াত দচিয়াৰ দাখিল কৰাত ইউনেস্কই অক্টোবৰ মাহত প্ৰতিনিধি প্ৰেৰণ কৰে। এজনীয়া প্ৰতিনিধিয়ে চৰজমিন পৰ্যবেক্ষণ কৰি যায়। পৰবৰ্তী দিল্লীত হ'ব লগা বৈঠকতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। উল্লেখ্য যে ভাৰতৰ পৰা মাত্ৰ চৰাইদেউ মৈদামক্ষেত্ৰহে এইবাৰ দাখিল কৰা হৈছিল ।