অসম

বিহালীত ইউনিফৰ্ম যোগানৰ নামত কমিচনৰ বেহা

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়নৰত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা ঐক্যসাজ যোগানৰ নামত চলিছে কমিচনৰ অঙ্ক খেল ৷ প্ৰাপ্ত অভিযোগমতে বিশ্বনাথ জিলাৰ বিহালী শিক্ষাখণ্ডৰ অধীনৰ বিদ্যালয়সমুহৰ একাংশ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ঐক্যসাজ যোগানৰ নামত কমিচন খোৱাৰ দৰে নিকৃষ্ট কাণ্ডত নামি পৰিছে ৷

তথ্য অনুসৰি ,ৰাজ্যৰ শিক্ষা বিভাগে এক জাননীযোগে চলিত মাহৰ ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত ছাত্ৰ-ছাত্ৰীক ঐক্যসাজ যোগান ধৰাৰ শেষ দিন নিৰ্দ্ধাৰণ কৰাৰ লগে-লগে বিশ্বনাথ জিলাৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ একাংশ প্ৰধান শিক্ষকে নিৰ্দিষ্ট একাংশ ব্যৱসায়ীকেই পোছাক যোগানৰ ঠিকা মঞ্জুৰ কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মিমাংসা কৰাৰ অভিযোগ উঠিছে ৷

অভিযোগমতে , সম্প্ৰতি বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত অধিকাংশ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৬০০ টকাৰ বিপৰীতে দুটা কামিজ , দুটা পেন্ট যোগানৰ ঠিকা আৱন্টন দিয়াৰ নামত নূন্যতম ১২০ টকাৰ পৰা ১৩০ টকা পৰ্যন্ত কমিচন কাঢ়ি খোৱাৰ ফান্দ পাতিছে৷ যাৰ বাবে পূৰ্বৰে পৰা ঐক্যসাজ যোগানৰ লেনদেন কৰি কমিচন খোৱা প্ৰধান শিক্ষকে পৰিচালনা সমিতিক কৌশলৰে পতিয়ণ নিয়াই নিৰ্দিষ্ট ফাৰ্ম কেইখনকৈ টেণ্ডাৰৰ বিপৰীতে ঐক্যসাজ যোগানৰ অনুমতি প্ৰদান কৰিবলৈ উঠি পৰি লগাৰ অভিযোগ উঠিছে৷

অভিযোগমতে, বিগত শিক্ষাবৰ্ষত বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত অধিকাংশ চৰকাৰী খণ্ডৰ প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত ধন কেইটাৰ পৰাও চান কাঢ়ি খোৱাৰ ফলত অতিনিম্ন মানৰ ঐক্যসাজ লাভ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে৷

গুৰুত্বপূৰ্ণ অভিযোগটো হ'ল- বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় সমুহত ঐক্যসাজ যোগানৰ নামতো চলিছে জালিয়াতি৷ তথ্যমতে একেজন ব্যৱসায়ীয়েই বহু কেইখন ফাৰ্মৰ টেণ্ডাৰ পত্ৰ প্ৰদান কৰে বিদ্যালয়সমুহত ৷ তাৰে ভিতৰত প্ৰধান শিক্ষকৰ লেনদেন তথা কমিচনৰ অঙ্ক কৰি নিৰ্দিষ্ট ফাৰ্মখনে টেণ্ডাৰ অনুসৰি সাজ যোগানৰ অনুমোদন দিয়া হয় ৷ বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি এচাম ধূৰন্দৰ প্ৰধান শিক্ষকে ব্যৱসায়ীৰে গোপন অঙ্ক কৰি লুটপাট চলাই ছাত্ৰ-ছাত্ৰীৰ পোছাকৰ বাবদত আৱন্টিত ধনৰ পৰাও চান কাঢ়ি খাই অহাটো কোনো নতুন কথা নহয় ৷ যাৰ ফলত শেহতীয়াভাৱে যিসকল নতুন ব্যৱসায়ীয়ে পোছাক যোগানৰ টেণ্ডাৰ দাখিল কৰিছে তেনে ব্যৱসায়ী সকলে ধূৰন্দৰ প্ৰধান শিক্ষকৰ কমিচন খোৱা নিকৃষ্ট চৰিত্ৰটোৰ ফলত অনুমোদনৰ পৰা বঞ্চিত হৈছে৷

উল্লেখযোগ্য যে ,যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ দিনত দূৰ্নীতিত লিপ্ত হোৱা বিষয়া-কৰ্মচাৰীয়ে হাত ডাঙি আহিছে সেইসময়তো বিহালীত ছাত্ৰ-ছাত্ৰীৰ পোছাক যোগানৰ নামত একাংশ প্ৰধান শিক্ষকে কমিচন খোৱাৰ জাল পাতিবলৈ সাহস কৰাটো অতি আচৰিত বিষয় ৷

আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ঐক্যসাজ প্ৰদানৰ নামত কোনো বিসঙ্গতি ,আসোঁৱা, দূৰ্নীতি সংঘটিত নহ'বলৈ একোখনকৈ উচ্চ পৰ্যায়ৰ ব্লক লেভেল কমিটি গঠন কৰি দিছে। তাৰপিছতো বিহালীৰ এচাম ধূৰন্দৰ শিক্ষকে বিভিন্ন কৌশলৰে ছাত্ৰ-ছাত্ৰীৰ পোছাৰ বাবে আৱন্টিত ৬০০ টকাৰ পৰা ১৩০ টকা পৰ্যন্ত কমিচন খাবলৈ উঠি পৰি লগা অভিযোগ পোহৰলৈ আহিছে ৷

উত্থাপিত অভিযোগমতে , ডাচানিজ , নিউ ক্লক আৰু আজমেৰীক আদি চাৰিখন বিশেষ ফাৰ্ম তথা ব্যৱসায়ীক প্ৰতিষ্ঠানে বাহিৰে আন কোনো প্ৰতিষ্ঠানে টেণ্ডাৰ দাখিল কৰিলেও লাভ নকৰে পোছাক যোগানৰ অনুমোদন ৷ অভিযোগকাৰীৰ তথ্যনুসৰি এই নিৰ্দিষ্ট ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সৈতে কমিচনৰ খেল চলে বিহালীৰ একাংশ প্ৰধান শিক্ষকৰ ৷