অসম

ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন এবছুৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় কোকৰাঝাৰস্থিত বডোফা হাউচত মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত হয়। উক্ত সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়ো, উপ -সভাপতি খৌৰৌমদাও ওৱাৰীকে আন নেৰ্তৃবৰ্গ উপস্থিত আছিল।

সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এক নং কোকৰাঝাৰ (জনজাতি সংৰক্ষিত)লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পোনপোটীয়া আৰু পূৰ্ণ সমৰ্থন আগবঢ়াই এজেণ্ডা আৰু ইচ্ছু ৰূপায়নৰ স্বাৰ্থত , বিটিআৰ চুক্তি মৰ্মে গাঁও অন্তৰ্ভূক্তিকৰণ , সীমা সম্প্ৰসাৰণ , বিটিআৰত ৬০ টা সমষ্টি গঠন , কাৰ্বিআংলংৰ বড়ো সকলৰ সমস্যা সমাধান আদিৰ স্বাৰ্থত জয়ন্ত বসুমতাৰীক পূৰ্ণ সমৰ্থন আৰু ভোট প্ৰদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।

জয়ন্ত বসুমতাৰীক শান্তি - উন্নয়ন -সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি ১০ বছৰ পিছত জয়ন্ত বসুমতাৰীক ভোট দিয়াৰ সুযোগ আহিছে বুলি মন্তব্য কৰি সকলোকে জয়ন্ত বসুমতাৰীক ভোটদান কৰিবলৈ আহ্বান জনাইছে দ্বীপেন বড়োৱে।

আনকি জয়ন্ত বসুমতাৰীক ভোটদান কৰিবলৈ হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলৰ সকলো সদস্যলৈও আহ্বান জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। সকলো ধৰণৰ ভেদাভেদ সংঘাত পাহৰি , বিটিআৰক আগুৱাই নিয়াৰ স্বাৰ্থত , বড়ো ৰাইজৰ স্বাৰ্থত ভোটদান কৰিবলৈ মুকলি আহ্বান জনাই এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে দৰং ওদালগুৰীত বিপিএফৰ প্ৰাৰ্থী নিৰ্বাচনত থিয় হোৱাৰ বাবে এনডিএৰ প্ৰাৰ্থীৰ লাভ হৈছে আৰু দিলীপ শইকীয়াই সংসদত জয়ন্ত বসুমতাৰীক সহায় সহযোগ সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰিছে ।