অসম

চলন্ত অৱস্থাতে জ্বলিল ভালভ গেডাৰ বাহন

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : বিশ্বনাথৰ ধুলি খেৰবাৰীত শুকুৰবাৰে দাওদাওকৈ জ্বলি উঠে এখন চলন্ত ভালভ গেডাৰ গাড়ী ৷ বিশ্বনাথ জিলা সংমণ্ডল গড়কাপ্তানি বিভাগৰ অধীনস্থ লছমণবস্তিৰ পৰা পাভৈ লৈ যোৱা পথটিৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হৈছেল গাড়ীখন ৷

পথটিৰ চাইড বাম সমান কৰি থকা সময়তে চলন্ত অৱস্থাতে গাড়ীখনত জুই লাগে ৷ হঠাৎ জ্বলি উঠা গাড়ীখনৰ পৰা জঁপিয়াই কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ ৷ পিছত অগ্নি নিৰ্বাপক বাহিনী আহি প্ৰায় এঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত গাড়ীখনৰ পৰা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগা বুলি সন্দেহ কৰিছে ৰাইজে।