অসম

বৰঙাবাৰীৰ পৰা চুৰি হোৱা বাহন ডিমাপুৰ সীমান্তত উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ : বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ তৎপৰতাৰ বাবে গহপুৰৰ বৰঙাবাৰীৰ পৰা শনিবাৰে নিশা চুৰি হোৱা এখন টাটা যোদ্ধা মালবাহী গাড়ী(এএছ ১২ চি চি ২৫১৪) দেওবাৰে পুৱা উদ্ধাৰ কৰা হয়। কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ সীমান্তৰ সমীপত বাহনখন উদ্ধাৰ কৰা হয়।

জানিব পৰামতে ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰঙাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাৰ ঘৰৰ চৌহদৰ পৰা শনিবাৰে নিশা চুৰি টাটা যোদ্ধা বাহনখন হৈছিল। আৰ জি এন ইণ্ডাষ্ট্ৰীৰ নামত থকা স্বত্বাধিকাৰী মোহন(সঞ্জু) আগৰৱালাৰ উক্ত গাড়ীখন চুৰি হোৱাৰ সম্পৰ্কত আজি পুৱাই স্থানীয় ঘাঁহিগাঁও আৰক্ষী চকীত খবৰ দিয়া হয় ।

ইয়াৰ পিছত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আৰু গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাসকো অৱগত কৰা হয়। এইক্ষেত্ৰত আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাই জি পি এছৰ লোকেছনৰ তথ্যৰ আধাৰত কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ সহায়ত ডিমাপুৰ সীমান্তত গাড়ী খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই অভিযানটোত গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাস, ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল সেনাপতি আৰু খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ ভূমিকাও প্ৰশংসনীয় বুলি উল্লেখ কৰে। আৰক্ষীয়ে উক্ত গাড়ী চুৰি কাণ্ডৰ লগত জড়িত নগাঁও জিলাৰ চামগুৰী আৰক্ষী থানাৰ অন্তৰ্গত কানুৱামাৰীৰ ওমৰ আলী(৩০) আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলী আৰক্ষী থানাৰ অন্তৰ্গত গাভৰুপাৰাৰ আজগৰ আলী(৩১)ক গ্ৰেপ্তাৰ কৰিছে।

তেওঁলোক দুয়ো গাড়ীখন চুৰি কৰি ডিমাপুৰলৈ নি আছিল। উদ্ধাৰ হোৱা গাড়ীখন আনিবৰ বাবে আজি সন্ধিয়া খটখটী আৰক্ষী থানাত গৰাকী গৈ উপস্থিত হৈছে।

ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল সেনাপতিৰ নেতৃত্বত ঘাঁহিগাঁও আৰক্ষীৰ এটা দলৰ লগতে গাড়ীখনৰ স্বত্বাধিকাৰী মোহন(সঞ্জু) আগৰৱালা উক্ত স্থানত যোৱা বুলি জানিবলৈ দিয়ে।